মহুৰামুখৰ পৰা বলোৰাম কামানৰ ৰিপৰ্ট,মিছিং লুতাদ,২১আগষ্ট:
মহুৰামুখৰ ৰ ভিতৰুৱা ৰিৰি গাৱৰ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে জীপাল কৃষক শ্ৰমিক সংঘই মানৱ শৃংখল গঢ়ি তুলাৰ দৃশ্য এয়া । নদীৰ কাষত ব্যতিক্ৰমী প্ৰতিবাদেৰে হুংকাৰ প্ৰদান কৰে চৰকাৰলৈ। কোনো কান্ধত নাঙল লৈ ,কাৰোবাৰ হাতত আকৌ মাছ ধৰা সজূলী লৈ হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে কপাই তুলিলে লোহিতৰ পাৰ।
ব্ৰহ্মপুত্ৰৰ তীব্র গৰাখহনীয়াই সৰ্বস্বান্ত কৰা খাটি খোৱা এইসকলৰ মাটি ভেটি উচন হোৱাৰ আশংকাই দেখা দিছে । গৰাখহনীয়া প্ৰতিৰোধ ৰ বাবে দিয়া জীঅ বেগো খহানীয়াত পতিত হৈছে ইতিমধ্যে।জীঅ বেগ দিয়াৰ নামত বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে বাৰে বাৰে । ইয়াৰৰোপৰি কাজিৰঙা ৰ অষ্টম সংযোজন ৰ নামত ভূমি অধিগ্ৰহণ বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত ৰাইজৰ ।
ইয়াৰ লগতে বোকাখাত বিধান সভা সমষ্টিৰ পৰা এইবাৰ ৰাজনৈতিক বিকল্পৰ আত্মপ্ৰকাশ ঘটিব বুলি জীপাল শ্ৰমিক সংঘই ঘোষণা কৰে । অতুল বৰাক পৰাস্ত কৰিবৰ বাবে উমৈহতীয়া প্ৰাৰ্থী ঠিয় কৰাব বুলিও ঘোষণা কৰে প্ৰতিবাদস্থলীৰ পৰা৷