সামৰণি পৰিল গোৰ্খা জনগোষ্ঠীৰ কৃষিভিত্তি উৎসৱ ৰমাইলো তীহাৰ I সমগ্ৰ অসমৰ লগতে জোনাইতো জনগোষ্ঠীটোয়ে উলহ-মালহেৰে পালন কৰিলে ৰমাইলো তীহাৰ I পাঁচ দিনিয়াকৈ চলা ৰমাইলো তীহাৰৰ কাৰ্তিক মাহৰ ত্ৰয়োদশীৰ দিনা জনগোষ্ঠীটোৰ ঘৰে ঘৰে কাউৰী পূজাৰে তীহাৰ উৎসৱ আৰম্ভ কৰে I
গোৰ্খা জনগোষ্ঠীৰ লোকবিশ্বাস মতে কাউৰী যম ৰজাৰ দূত হিচাপে ধৰি কাউৰী চৰাইক ভাত, ফল মূল , বিভিন্ন ব্যঞ্জন প্ৰদান কৰি কাউৰীক স্মৰণ কৰা হয় I
কাউৰী তীহাৰৰ পিছদিনা কুকুৰ তীহাৰ পালন কৰা হয় I জনগোষ্ঠীৰ লোকবিশ্বাস অনুসৰি কুকুৰক যম ৰজাৰ বাৰ্তাবাহক হিছাপে ধৰি কুকুৰত পূজা কৰে I
পিছৰ কেইদিন সন্ধিয়া ভাগত জনগোষ্ঠীটোৰ ডেকা গাভৰু, যুৱক যুৱতী সকলোয়ে এক গোট হৈ ঘৰে ঘৰে গৈ দেউচী গীত মাত প্ৰদৰ্শন কৰে I আৰু জেষ্ঠ জনৰ পৰা আশীক লৈ
গৃহস্থক কুশল মংগলৰ লগতে উন্নতিৰ বাবে আশীৰ্বাদ দিয়ে I এই ঘৰে ঘৰে দেউচী খেলা পৰ্ব পূৰ্নীমালৈ চলে I
তীহাৰৰ অন্তিম দিন ভাতৃ দ্বিতীয় দিন গোৰ্খা জনগোষ্ঠীৰ বাবে অতি গুৰুত্বপূৰ্ণ I জনগোষ্ঠীটোৰ ভাতৃ আৰু ভগ্নীৰ মিলনৰ উৎসৱ এই দিন I
এই উৎসৱত ভগ্নীয়ে ভাই ফোটা পৰ্বৰ আয়োজন কৰে I
এই পৰ্বত ভগ্নীয়ে ভাতৃক পূজা অৰ্চনা কৰি কপালত ভাতৃৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে
ফুট পিন্ধোৱাৰ লগতে নাৰ্জী ফুৱৰ মালা পিন্ধাই আশীৰ্বাদ দি নিজ হাতে প্ৰস্তুত কৰা বিভিন্ন ব্যঞ্জনেৰে তৈয়াৰ কৰা খাদ্যসমুহ খাবলৈ দিয়ে I তদুপৰি ভাতৃ
ভগ্নীৰ মাজত উপহাৰ আদান প্ৰদান কৰা হয় I