বিহালীত জিনজিয়া আৰক্ষীৰ অভিযানত বিহালীৰ
বাঘমাৰিৰ চাহ বাগিচাৰ ৫ নং লাইনৰ পৰা উদ্ধাৰ বৃহৎ
পৰিমাণৰ গাঞ্জা সহ জব্দ ৩১১১৮০ নগদ ধন। আজি
বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ
ডেকা আৰু ডি এছ পি জয়ন্ত বৰুৱাৰ নেতৃত্বত জিনজিয়া
আৰক্ষী থানাৰ দলে ৩০ নং অৰ্ধ সামৰিক বাহিনীৰ
সহযোগত বিহালীৰ বাঘমাৰি চাহ বাগিচাৰ ৫ নং লাইনৰ
মালতী তাতী নামৰ মহিলা গৰাকীৰ ঘৰত গোপন সূত্ৰ পম
খেদি অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈ বৃহৎ
পৰিমানৰ ধণ সহ এই গাঞ্জাখিনি।উল্লেখ যে উল্লেখিত
মহিলা গৰাকীৰ ঘৰত বহু দিনৰ পৰাই অবৈধ গাঞ্জাৰ
ব্যবসায়ী চলাই আহিছিল।অৱশেষত আজি জিনজিয়া
আৰক্ষী আৰু বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী
দলটোয়ে এই অবৈধ গাঞ্জা ব্যবসায়ীৰ ঘৰৰ পৰা বৃহৎ
পৰিমানৰ গঞ্জাখিনি জব্দ কৰাত স্থানীয় ৰাইজ স্বস্তিৰ
নিশ্বাস লয়।আনহাতে অভিযানকাৰী আৰক্ষীৰ দলটোয়ে অবৈধ গাঞ্জা মজুত থকা মালতী তাতী নামৰ
মহিলাগৰাকীকো সোধা-পোছাৰ বাবে আটক কৰে।