ডি,এল,এড,ৰ এডমিছনৰ কেলেংকাৰীৰ তদন্তৰ বাবে উপস্থিত এছ,চি,ই,আৰ,টি'ৰ দুই শীৰ্ষ বিষয়া
ৰাজ্যজুৰি তোলপাৰ লগা ডি,এল,এড'ৰ ভুৱা নামভৰ্ত্তিৰ কেলেংকাৰীৰ তদন্তৰ বাবে আজি ঢকুৱাখনা নৰ্মাল স্কুলত হয়হি এছ,চি,আৰ,টি'ৰ শীৰ্ষ দুই বিষয়া। লখিমপুৰ জিলাৰ অন্যান্য শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰবোৰৰ দৰে ঢকুৱাখনা নৰ্মালতো টেট পৰীক্ষাক কেন্দ্ৰ কৰি প্ৰায়-১৪ শ ছাত্ৰ-ছাত্ৰীক ডি,এল,এড'ত ভুৱাকৈ নামভৰ্ত্তি কৰোৱা হৈছিল এছ,চি,আৰ,টি'ৰে জনৈক বিষয়াৰ সেউজ সংকেটত।আৰু এই ভুৱা এডমিছন কেলেংকাৰী সংবাদ মাধ্যমে ফাদিল কৰাত অৱশেষত তদন্তৰ বাবে আজি নৰ্মাল স্কুল ঢকুৱাখনাত উপস্থিত হয়হি পি,এছ,টি'ৰ পৰীক্ষা নিয়ন্ত্ৰক তথা এছ,চি,আৰ,টি'ৰ যুটীয়া সঞ্চালক নৰেন্দ্ৰ নাথ আৰু উপ-সঞ্চালক-দেৱ কুমাৰ দত্ত। দুয়োগৰাকী বিষয়াই ভুৱাকৈ ডি,এল,এড'ত নামভৰ্ত্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভাষ্য গ্ৰহণ কৰাৰ লগতে নৰ্মাল স্কুল ঢকুৱাখনাৰ অধ্যক্ষ লক্ষী কোঁৱৰ,শিক্ষয়িত্ৰী-অপৰাজিতা বুঢ়াগোহাঁই,
শিক্ষক জীৱন গগৈ, কৰ্মচাৰী-ব্ৰজেন বৰুৱা,প্ৰণৱ নেওগ ইত্যাদিকো বিষয় সন্দৰ্ভত সোধা-পোছা কৰে।
ইফালে সংবাদ মাধ্যমৰ আগত তদন্তৰ সন্দৰ্ভত বিশেষ কথা প্ৰকাশ কৰিব নিবিচৰা বিষয়াদ্বয়ে-সকলো কথা ডি,এল,এড,(odl) চেলৰ বিষয়াইহে জানিব বুলি দায় সৰা মন্তব্য কৰে।