Share on Facebook

চিংগাপুৰত মৃত্যু জুবিনৰ বাবে চকুলোৰ বন্যা সমগ্ৰ অসমত : কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে জুবিনৰ মৃতদেহ আৰু সকলো কামৰ দায়িত্ব প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাক ।

 চিংগাপুৰত মৃত্যু জুবিনৰ বাবে চকুলোৰ বন্যা সমগ্ৰ অসমত : কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে জুবিনৰ মৃতদেহ আৰু সকলো কামৰ দায়িত্ব প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাক ।




সমগ্ৰ দেশ ,উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা, ভূপেন হাজৰিকাৰ পিছত মানৱ জাতিৰ কলিজাস্বৰূপ শিল্পী জুবিন গাৰ্গ ৰ আকস্মিক মৃত্যুত শোক আৰু প্ৰতিবাদ : শ্যামকানু মহন্ত কোন উদয় হৈছে প্ৰশ্ন? ,

 চিবিআই ৰ তদন্ত দাবী অসমৰ জনগণ : শ্যামকানু মহন্ত বিজেপি ৰ নেতা বাবেই কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে এৰাই চলিছে নেকি ? : চিংগাপুৰত মৃত্যু জুবিনৰ বাবে চকুলোৰ বন্যা সমগ্ৰ অসমত : কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে জুবিনৰ মৃতদেহ আৰু সকলো কামৰ দায়িত্ব প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাক ।



ভাৰত, উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ আকাশৰ এটা নক্ষত্ৰ সৰি পৰিল। হয় আমি যি কৈছো এয়া এক কোনোৱে মানিব নোৱাৰা সত্য কথা। মানে সমগ্ৰ দেশ আৰু অসমৰ প্ৰতিটো নাগৰিকৰ হিয়া আমঠু তথা নৱপ্ৰজন্ম ৰ কলিজাৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই । আমি এই শব্দ কেইটা প্ৰকাশ কৰিব নোৱাৰো। তথাপি আমি খবৰ অৰ্থাৎ বাতৰিৰ স্বাৰ্থত জনাবলৈ বাধ্য হৈছোঁ। মূলতঃ চিংগাপুৰত উত্তৰ পূৰ্বাঞ্চল ফেষ্টিবেলত গীত গাবলৈ আমন্ত্ৰণ অনুসৰি গৈছিল।আৰু উক্ত অনুষ্ঠানৰ পূৰ্বে শিল্পী জুবিন গাৰ্গে সংগী ৬/৭ জনৰ সৈতে সাগৰৰ এটা আইলেণ্ডত ফুৰিবলৈ গৈ প্ৰথমে স্কোৱা ড্ৰাইভিং কৰাৰ পিছত অলপ সাগৰৰ পাৰত সাঁতুৰিছিল । আৰু পিছত লাইভ জেকেত পিন্ধি নাওঁত উঠি আহি থকা অৱস্থাত পুনৰ এটা ষ্টেচনত নামি সাঁতুৰি থকা অৱস্থাত মুখেৰে ফেন ওলাই থকাৰ পিছত অসুস্থ হৈ পৰে।পিছত অতি ততাতৈয়াকৈ চিংগাপুৰৰ জেনেৰেল হস্পিটেললৈ লৈ যায় । আৰু তাতেই চিকিৎসকে জুবিন গাৰ্গক মৃত্যুৰ ঘোষণা কৰে । 


ইফালে এই খবৰ ভাৰত,উত্তৰ পূৰ্বাঞ্চল তথা অসমত বিয়পি পৰাত সকলো জনজীৱন স্তব্ধ হৈ পৰে। আৰু সকলো পৰ্য্যায়ৰ জনগণ জুবিন গাৰ্গৰ মৃত্যুত ক্ৰন্দনৰত হৈ পৰে । ইফালে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰ সৈতে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ টেলিফোনিক বাৰ্তালাভৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক চিংগাপুৰলৈ গৈ সকলো বিহীত ব্যৱস্থা গ্ৰহণ কৰি মৃতদেহ অসমলৈ অনাৰ নিৰ্দেশ দিছে। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , বিৰোধী দলপতি আৰু সাংসদ ৰাহুল গান্ধীকে ধৰি প্ৰতিটো ৰাজ্যৰ লগতে বহিঃৰাষ্ট্ৰৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ শোক বাৰ্তা প্ৰকাশ কৰিয়ে আছে।




 আনহাতে সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম অসমতো বঙাইগাঁও, বৰপেটা,বাক্সা,চিৰাং,কোকৰাঝাৰ, ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাৰ প্ৰতিটো চুকত বিভিন্ন দল-সংগঠন আৰু সুভাকাংক্ষী জনগণ সমবেত হৈ শিল্পী গৰাকীৰ ফটোত লাখ লাখ চাকি বন্তি জ্বলাই সমাবেদনা জ্ঞাপন চলিয়ে আছে।



 আচলতে শিল্পী গৰাকীৰ পিতৃ চৰকাৰী মেজিষ্ট্ৰেট আছিল বাবেই সকলো জিলাত কৰ্তব্য পালনৰ বাবে মেঘালয়ৰ তুৰাত বিগত ১৯৭২ চনত জন্মগ্ৰহণ কৰিছিল। সেইমতে বঙাইগাঁও - চিৰাং জিলাৰ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠমান শ্ৰেণীৰ পৰা নৱম মান শ্ৰেণীলৈ শিক্ষাগ্ৰহন কৰিছিল।



এইদৰে তেওঁ শিক্ষা জীৱন শেষ কৰি মাতৃ ইলি বৰঠাকুৰৰ পৰা সংগীত শিক্ষা গ্ৰহণ কৰে।এইদৰে শিল্পী জুবিন গাৰ্গে তেওঁৰ জীৱনত ৪০ ভাষাত মুঠ ৩৮ হেজাৰৰ অধিক গীত ৰচনা কৰি আমাক দি গল।আৰু ২০০২ চনত জুবিন গাৰ্গে গৰিমা গাৰ্গক বিবাহ কৰাইছিল।অৱশ্যে আজি এইগৰাকী জুবিন গাৰ্গৰ মৃত্যুত এক অপ্ৰকাশিত প্ৰশ্নৰো উদয় হৈছে। এই বিষয়ত বিধায়ক অখিল গগৈয়ে চিবিআই তদন্তৰ দাবী কৰিছে।



ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘই জুবিন গাৰ্গৰ বৈকুণ্ঠগাম লৈ আত্মাৰ চিৰশান্তিৰ কামনা কৰি শোক প্ৰকাশ কৰাৰ লগতে আজিৰে পৰা ৭ দিনলৈ সংঘৰ সকলো অনুষ্ঠানৰ কাম কাজ বাতিল কৰিছে বুলি পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা বাপে ঘোষণা কৰিছে।





ইফালে আজি জুবিন গাৰ্গৰ মৃত্যু বাতৰিয়ে সমগ্ৰ দেশ,উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত এক বৃহৎ ভূমিকম্প তথা ধুমুহাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয় ডঃ হিমন্ত বিশ্ব শৰ্মাই নিশা ১০:৩০ বজাত গুৱাহাটী কাহিলিপাৰাৰ জুবিনৰ বাসগৃহ ত উপস্থিত হয়। 





আৰু এক সংবাদমেল ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ঘনিষ্ঠ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্যামকানু মহন্তৰ বিৰুদ্ধে সমগ্ৰ দেশ জুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে।মুখ্যমন্ত্ৰীয়ে কয় অহা কাইলৈ সন্ধিয়াৰ আগত নশ্বৰ দেহ আহিলে সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে চৰকাৰী কৰ্মচাৰী সকলে জুবিনক এবাৰ চোৱাৰ চৰকাৰী বন্ধ ঘোষণা কৰিব।





Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post