জুবিন গাৰ্গৰ শৱদেহ আজি ৰাতি ২.৩০ বজাত গুৱাহাটীলৈ আহি পাব।
গুৱাহাটী, ২০ ছেপ্টেম্বৰ:
অসমবাসীৰ স্নেহৰ শিল্পী আৰু সংগীত জগতৰ কিংবদন্তী জুবিন গাৰ্গৰ শৱদেহ আজি ৰাতি ২.৩০ বজাত গুৱাহাটী আহি পাব। দিল্লীৰ পৰা বিশেষ বিমান VT-CRAৰ জৰিয়তে শৱদেহ লৈ আহি আছে।
গুৱাহাটীত আহি পোৱাৰ পাছত প্ৰথমে শিল্পীজনৰ শৱদেহক তেওঁৰ কাহিলীপাৰাস্থিত গৃহলৈ লৈ যোৱা হ’ব। তাৰ পিছত, শৱদেহক সৰুসজাই ষ্টেডিয়ামত থোৱা হ’ব, যাতে জনসাধাৰণৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সুযোগ উন্মুক্ত কৰা হব।
শিল্পীজনৰ পত্নী গৰিমা গাৰ্গয়ে আবেগঘন হৈফেচবুক প’ষ্টৰ জৰিয়তে অনুৰাগীসকলক আহ্বান জনাইছে, তেওঁ কয় যে —
“দয়া কৰি শান্তি বজাই ৰাখিব, কোনো ধৰণৰ বিগ্ৰহ বা অপ্ৰিয় পৰিস্থিতি সৃষ্টি নকৰিব। অনুৰাগ, মৰম আৰু গৌৰৱৰ সৈতে জুবিনৰ অন্তিম যাত্ৰাক আদৰ দিয়ক।
অসমবাসীৰ হৃদয়ত গভীৰ শোকৰ সময়ত সকলোৰে আশাক সন্মান জনাই— অনুৰাগীসকলক আহ্বানক যে শিল্পীজনৰ অন্তিম যাত্ৰাক শান্তিপূর্ণ আৰু গৌৰৱৰ পৰিৱেশত সম্পূৰ্ণ কৰি তুলে যেন।
যদিও জীৱনযাত্ৰা সমাপ্ত হৈছে, তথাপি জুবিন গাৰ্গৰ সংগীত, সৃষ্টিকর্ম আৰু কণ্ঠধ্বনি অসমবাসীৰ হৃদয়ত সদায় জীয়াই থাকিব।