Share on Facebook

গোগামুখৰ দিৰপাই-মহৰিকেম্পত ৰাষ্ট্ৰীয় নিৱনুৱা দিৱস উৎযাপন।

 গোগামুখৰ দিৰপাই-মহৰিকেম্পত ৰাষ্ট্ৰীয় নিৱনুৱা দিৱস উৎযাপন।


সন্মিলিত গণশক্তি অসমৰ সভাপতি তথা বৰ্তমানৰ এমএচিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ গৃহ পৰিষদীয় সমষ্টিত ধেমাজি বিধান সভা সমষ্টি যুৱ কংগ্ৰেছৰ ৰাজনৈতিক ৰণ ধ্বজা।

সমগ্র দেশৰ সমান্তৰাল ভাৱে ধেমাজি বিধান সভা সমষ্টি যুৱ কংগ্ৰেছ কমিতিৰ উদ্যোগতো গোগামুখৰ দিৰপাই-মহৰিকেম্পত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস উদযাপন কৰা হয় ।ধেমাজি বিধান সভা সমষ্টি যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি চিধানন্দ পাংগিংৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় নিবনুৱা দিৱসৰ কাৰ্যসূচীত দুই শতাধিক কংগ্ৰেছ কৰ্মী অংশগ্ৰহণ কৰাৰ  লগতে আগন্তুক অনুষ্ঠিত হ'বলগীয়া এমএচিৰ পৰিষদীয় নিৰ্বাচনত  মিংমাং পৰিষদীয় সমষ্টিৰ পৰা  কংগ্ৰেছ দলৰ পৰা  প্ৰাৰ্থীত্ব প্ৰত্যাশী উদীয়মান যুৱ কংগ্ৰেছী ,সমাজ সংগঠক মিল্টন পেগুয়েই অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে ধেমাজি বিধান সভা সমষ্টি যুৱ কংগ্ৰেছ কমিতিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক মিল্টন পেগুৰ নেতৃত্বত  সমগ্ৰ ধেমাজি বিধান সভা সমষ্টিত শক্তিশালী হৈ উঠিছে কংগ্ৰেছৰ ৰাজনৈতিক ভেটি।

সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ নিৰ্দেশ অনুযায়ী বুধবাৰে ধেমাজি বিধানসভা সমষ্টি যুৱ কংগ্ৰেছৰ নেতৃত্বত গোগামুখ দিৰপাই -মহৰী কেম্পত ৰাষ্ট্ৰীয় নিবনুৱা দিৱস উৎযাপন কৰি বৰ্তমানৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

উক্ত কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক তপন বৰপাত্ৰ গোঁহাই, ধেমাজি জিলা কংগ্ৰেছৰ সম্পাদক খগেন পেগুৰ  লগতে গোগামুখৰ জনপ্ৰিয় যুৱ প্ৰজন্মৰ নেতা তথা ধেমাজি সমষ্টি যুৱ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক মিল্টন পেগুৰ লগতে যুৱ কংগ্ৰেছৰ সৰ্তীথ তথা অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰা দৃশ্য পৰিলক্ষিত হয়


Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post