Share on Facebook

গোগামুখত নামঘৰৰ মাহ-প্ৰসাদৰ পিছত বিষক্ৰিয়া! ৬০ জন অসুস্থ, শিশুও সংকটত

গোগামুখত নামঘৰৰ মাহ-প্ৰসাদৰ পিছত বিষক্ৰিয়া! ৬০ জন অসুস্থ, শিশুও সংকটত

গোগামুখ, ছেপ্টেম্বৰ ২০২৫

গোগামুখ উপজিলাৰ টিঙিৰী গাঁৱত খাদ্য বিষক্ৰিয়াৰ ফলত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে। গাঁওখনৰ শংকৰ সংঘৰ প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত মাহ-প্ৰসাদ ভোজনৰ পিছত এতিয়ালৈকে ৬০ জন লোক আক্ৰান্ত হৈছে। আক্ৰান্তলোকৰ ভিতৰত প্ৰায় ১০ জন শিশু অন্তর্ভুক্ত।

আক্ৰান্তসকলক তৎক্ষণাত গোগামুখ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। চিকিৎসকে জানিবলৈ দিছে যে ৰোগী সকলৰ মুখ্য লক্ষণ হ’ল শৌচ, বমি, মূৰৰ বিষ আৰু জ্বৰ। চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলৰ অৱস্থা বৰ্তমান নিয়ন্ত্ৰণত থাকিলেও আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি।

স্থানীয় সূত্রে জনোৱা মতে, কালি অনুষ্ঠিত ভদীয়া নামৰ মাহ-প্ৰসাদ খোৱাৰ পিছত গাঁওখনৰ বহু লোকে একে ধৰণৰ অসুখৰ লক্ষণ প্ৰকাশ কৰে। ইয়াৰ পিছত তৎক্ষণাৎ চিকিৎসালয়লৈ নিয়া হয়।

চিকিৎসালয়ৰ চিকিৎসকদল সক্ৰিয়ভাৱে চিকিৎসা প্ৰদান কৰি আছে আৰু বিষয়টো নজৰদাৰী চলি আছে। এনে পৰিস্থিতিয়ে স্থানীয় লোকৰ মাজত চিন্তা আৰু আতঙ্কৰ সৃষ্টি কৰিছে।



Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post