ঢকুৱাখনা সোণাৰি চাপৰিৰ ঢোলপেটাত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত এজন কিশোৰৰ মৃত্যু
মাঘ বিহুৰ প্ৰাক ক্ষণত ঢকুৱাখনাৰ সোণাৰি চাপৰি উপ আৰক্ষী চকীৰ অন্তৰ্গত ঢোলপেটাত এজনৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে।
জানিব পৰা মতে ন কুৰৈগুৰি অঞ্চলৰ লক্ষ্যজিৎ চুতীয়া নামৰ এজন কিশোৰে আজি আবেলি মাতৃৰ সৈতে সোণাৰি চাপৰিৰ পৰা ঘৰলৈ গৈ আহোতে TATA AC নামৰ ৰঙা গাড়ী এখনত মুখামুখি সংঘৰ্ষত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে সন্দেহ কৰা হৈছে
যিহেতুকে ঘটনাস্থলিত কোনো এজন প্ৰত্যক্ষদৰ্শী নথকাৰ বাবে দূৰ্ঘটনাৰ কাৰণ সঠিককৈ জানিব পৰা নাই।
উক্ত দূৰ্ঘটনাত নিহত যুৱকজনৰ মাতৃ ইনামণি চুতীয়াও গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে।