Share on Facebook

গুৱাহাটী জ্যোতিনগৰৰ পৰা বিশ্বকর্মা পূজাত ফুৰিবলৈ গৈ সন্ধানহীন তিনিজন কিশোৰী

 

গুৱাহাটী জ্যোতিনগৰ পৰা বিশ্বকর্মা পূজাত ফুৰিবলৈ গৈ সন্ধানহীন তিনিজন কিশোৰী


গুৱাহাটী, ছেপ্টেম্বৰ ১৯:
বিশ্বকর্মা পূজাৰ আনন্দ উপভোগ কৰিবলৈ গৃহৰ পৰা ওলাই অহাৰ পিছত গুৱাহাটীৰ জ্যোতিনগৰ অঞ্চলৰ তিনিজন কিশোৰী সন্ধানহীন হোৱা ঘটনাই স্থানীয় বাসিন্দাসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।




সন্ধানহীন কিশোৰীসকল হ’ল—ইছা নাথ (১৪)  টিনা বাভা (১২) ছুইটি দাস (১৪)

পৰিয়ালৰ সদস্যসকলে জনোৱা মতে, উক্ত কিশোৰীসকলে পূজা দৰ্শনৰ উদ্দেশ্যে ওলাই অহাৰ পিছত ঘৰত উভতি অহা নাছিল। সন্ধিয়া পৰাই তেওঁলোকৰ সৈতে পৰিয়ালৰ যোগাযোগ বিছিন্ন হয়। মোবাইল ফোনো বন্ধ অৱস্থাত পোৱা যায়। পৰিয়ালৰ বহু প্ৰচেষ্টা সত্ত্বেও এতিয়ালৈকে কিশোৰীসকলৰ কোনো খবৰ লাভ কৰা হোৱা নাই।

ইতিমধ্যে পৰিয়ালৰ অভিযোগৰ ভিত্তিত  আৰক্ষী চকীত এফআইআৰ দাখিল কৰা হৈছে। অভিযোগ পোৱাৰ পিছত আৰক্ষীয়ে সক্ৰিয়ভাৱে অনুসন্ধান অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে চহৰখনৰ বিভিন্ন স্থানত পৰ্যবেক্ষণ আৰু চিসি টিভি ফুটেজ পৰ্যালোচনা আৰম্ভ কৰিছে।

সন্ধানহীন কিশোৰীসকলৰ ঘটনা স্থানীয় অঞ্চলত অভিভাৱকসকলৰ মাজত আতঙ্ক সৃষ্টি কৰিছে। বিশেষকৈ উৎসৱৰ ভিৰত শিশু আৰু কিশোৰ-কিশোৰীসকলৰ সুৰক্ষা প্রশ্নত পুনৰ এক গভীৰ চিন্তা উত্থাপিত হৈছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জনা অনুসৰি, এই পৰ্যন্ত ইয়াক অপহৰণ বুলি সন্দেহ কৰা হোৱা নাই। সম্ভাৱ্যভাৱে কিশোৰীসকলে কোনোবা পৰিচিত  সৈতে গ’ল নে পথভ্ৰষ্ট হ’ল সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ সদস্যসকলে সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণক আহ্বান জনাইছে—
“যদি কোনোবাই সন্ধানহীন কিশোৰীসকলক দেখে বা তেওঁলোকৰ বিষয়ে কোনো তথ্য পায়, অনুগ্ৰহ কৰি সোনকালেই পবা আৰক্ষী চকীৰ সৈতে যোগাযোগ কৰক।”

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post