ভিনিয়েকে বিক্ৰী কৰিলে খুলশালিয়েকক/ নাবালিকাক বিক্ৰী অৰুণাচল প্ৰদেশত।
ৰাজ্যত এতিয়াও অব্যাহত আছে নাবালিকা বিক্ৰী। এইবাৰ এনে এটা ঘটনা সংঘটিত হৈছে ঢকুৱাখনাৰ উজনি বৰষামুখত।ঢকুৱাখনাৰ ঘিলামৰা থানাৰ অন্তৰ্গত উজনি বৰষামুখৰ গাঁৱৰ এগৰাকী নাবালিকাক ভিনিয়েকে বিক্ৰী কৰা ঘটনাই অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।
পিতৃ লং টাইদ আৰু মাতৃ ঐচেং টাইদৰ কন্যা অকনি টাইদৰ শুংসূত্ৰ আজি ১০ বছৰে নাপায় শোকত ভাগি পৰিছে।
যোৱা ২০১০ জনৰ ছেপ্টেম্বৰ মাহৰ ২ তাৰিখে ভিনিয়েক নোমল পায়েঙে ন বছৰীয়া খুলশালিয়েকক অৰুণাচলত এঘৰত কাম দিয়াৰ উদ্দেশ্যে একেই গাঁৱৰ কৃষ্ণ কান্ত পেগু নামৰ বন্ধু এজনৰ সৈতে লগ লাগি বিক্ৰী কৰি দিয়ে বুলি জানিব পৰা গৈছে।
বহুদিন ধৰি পৰিয়ালৰ লোকে কন্যা গৰাকীক খবৰ নাপায় ধেমাজি জিলাৰ গোগামুখ থানাৰ অন্তৰ্গত ভিনিয়েক ওখমাটি গাঁৱত ২০১১ চনৰ অক্টোবৰ মাহত ৰাইজমেল বহে আৰু এক মাহৰ ভিতৰত ওভতাই দিয়াৰ কথা আছিল যদিও ভিনিয়েকে খুলশালিয়েকক উভতাই দিব নোৱাৰিলে।
অৱশেষত পৰিয়ালৰ লোকে ২০১৭ চনৰ জানুৱাৰী মাহৰ ২৭ তাৰিখে গোগামুখ থানাত এজাহাৰ দিয়াৰ পিছতো আৰক্ষী প্ৰশাসনে এতিয়াও উলিয়াই দিব পৰা নাই।
সেয়েহে কালি জোৱায়েকক ৰাইজে ঘৰৰ পৰা বুদ্ধি কৰি গাঁৱলৈ আনি বান্ধি থয় আৰু জেৰা আৰম্ভ কৰে।
অৱশেষত ৰাইজৰ জবাবদিহি দিয়াত বন্ধু জনৰ সৈতে খুলশালিয়েকক বিক্ৰী কৰা বুলি আমাৰ অন কেমেৰাৰ সমুখত হৈ কাঢ়ে।
কোনো সদাশয় লোকে যুৱতী গৰাকীৰ অনুসন্ধান পালে 6001800522 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।