ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াত বোৱাৰীসকলে খেলিলে কাবাডী আৰু ৰচী টনা খেল।
ঢকুৱাখনাৰ আলিমুৰ ভাটিখণ্ডৰ বোৱাৰীসকলে বিগত বছৰবোৰৰ দৰে খেলপথাৰত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত উলহ মালহৰে অংশগ্ৰহণ কৰে ।বোৱাৰী সকলে হাঁহি উল্লাসৰ মাজেৰে কাবাডী, দৌৰ আৰু ৰচী টনা খেলত ভাগ লয়।
টাইদ আৰু কামানৰ দুটা বংশধৰ ৩০ টাৰো অধিক দলে অংশগ্ৰহণ কৰাৰ লগতে ঐনিতম আৰু আনুনিতম গীতৰ তালে তালে জীপাল কৰি তোলে চৌপাশৰ পৰিৱেশ।
বিয়াত আৱদ্ধ হোৱাৰ পৰা বছৰত এটা বিশেষ দিনত সকলো বোৱাৰীয়ে মুকলিকৈ একগোট হৈ আনন্দ আৰু একতাৰ দোলেৰে বান্ধ খোৱাই আনন্দ কৰা হৈছে বুলি উদ্যোক্তা সমিতিয়ে সংবাদমাধ্যমৰ আগত বক্তব্য ৰাখে।