দুয়োটা কিডনি বিকল দীপিকা মিলিৰ ।আপোনাৰ সহায়ৰ প্ৰয়োজন ।
দিন মানৰ আগত Ticktok-Likee ভিডিঅ বনাই থকা যুৱতী গৰাকীৰ আজি মৃত্যুৰ ক্ষণ গণিছে ।গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত দিঘলী মিচিং গাঁৱৰ মাইনু মিলিৰ কন্যা দীপিকা মিলিৰ(18) দুয়োটা কিডনি 9 মাহ ধৰি বিকল হৈ আছে । প্ৰথম অৱস্থাত ডিব্ৰুগড়ত তাৰ পিছত গুৱাহাটী মেডিকেল হস্পিটেলত ভৰ্ওি কৰিছিল যদিও এতিয়া টকাৰ অভাৱত ঘৰলৈ ওভতাই আনিছে দীপিকা মিলিক ৷ দিনে দিনে শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটা দীপিকা মিলি ঘৰত বহি-বহিয়ে মৃত্যুৰ ক্ষণ গনিছে ৷ অসহায় পিতৃ মাতৃয়ে মাথো চকুলো টুকিছে কন্যালৈ চাই ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃয়ে ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰি কন্যাক চিকিৎসা কৰা পিছত এতিয়া উপায়হীন হৈ ৰাইজৰ সহায় বিচাৰিছে ।
এতিয়া দীপিকা মিলিক আপোনাৰ সহায়ৰ প্ৰয়োজন । আৰ্থিকভাৱে জুৰুলা হৈ পৰা পৰিয়ালটোয়ে অসহায় হৈ দীপিকাৰ চিকিৎসাৰ বাবে চৰকাৰ তথা ৰাইজলৈ কাতৰ অনুৰোধ জনাইছে সহায়ৰ বাবে ।
দীপিকা মিলিক আপোনালোকে সহযোগিতা আগবঢ়াব বিছাৰিলে, অসম গ্ৰামীন বিকাশ বেঙ্ক "বৰপথাৰ" শাখাত মাতৃৰ নামত থকা 7214010034104 একাউন্ট নম্বৰ IFSC: UTBI0RRBAGB অথবা 6001877405 নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ-মাতৃয়ে কাতৰ আহ্বান জনাইছে ৷