ভাৰতীয় কৃত্ৰিম অংগ নিৰ্মাণ প্ৰতিষ্ঠান আৰু উত্তৰ অসম দিব্যাংগ সন্থাৰ সহযোগত প্ৰশংসনীয় পদক্ষেপ।
হেলেমৰ মিছামাৰীৰ শ্বহীদ মুকুন্দ কাকতি স্মৃতি ভৱন প্ৰাঙ্গণত ভাৰতীয় কৃত্ৰিম অংগ নিৰ্মাণ প্ৰতিষ্ঠান ৰ দ্বাৰা আৰু উত্তৰ অসম দিব্যাংগ সন্থাৰ সহযোগত প্ৰায় ৮০০০ শাৰীৰিক ভাৱে অক্ষম লোকৰ নাম পঞ্জীয়নৰ ব্যৱস্থা কৰা হয়। পশ্চিম ছয়দুৱাৰত শাৰীৰিক ভাবে অক্ষম লোকৰ সংখ্যা প্ৰায় ৮০০০ । শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সামৰি এই ৮০০০ লোকৰ সুবিধাৰ্থে সমগ্ৰ ছয়দুৱাৰত বিশেষ ব্যৱস্থা গঢ়ি তুলিছে সংস্থাটোৱে। উক্ত শাৰীৰিক ভাৱে অক্ষম লোক সকলক হুইল চেয়াৰ, ত্ৰি হুইলাৰ, কাণৰ যন্ত্ৰ আদিৰ যোগান ধৰিব । পূব - ছয়দুৱাৰতো অহা কালিলৈ এই সংস্থাটিয়ে শাৰীৰিক ভাবে অক্ষম লোকসকলৰ বাবে প্ৰয়োজনীয় সকলো সা- সামগ্ৰী যোগান ধৰিবৰ বাবে পৰীক্ষা নিৰীক্ষা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে , সংস্থাটিৰ বিষয়ববীয়াই ।
Tags:
Assamese