হেলেমত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। কাণষাৰ নাই বন বিভাগৰ ।
হেলেমৰ আৰিভঙ্গা, কুৰুৱাবস্তী, কুৰুৱা পথাৰ, বালিগাঁও, মায়ং গাওঁ, বুৰৈঘাটকে আদি কৰি বহু কেইখন গাওঁ বন্য হস্তীৰ কবলত। দিনত চাহ বাগিচাত আৰু নিশা হলেই ধাননি পথাৰত
অৱস্থান কৰা প্ৰায় শতাধিক বনৰীয়া হাতীয়ে নিদ্ৰা হৰণ কৰিছে খেতিয়কৰ।
ওৰেটো নিশা গঞা ৰাইজে বিনিদ্ৰ ৰজনী কটোৱাৰ বিপৰীতে কুম্ভকৰ্ণৰ নিদ্ৰাত নিদ্ৰামগ্ন বৰগাং ৰেঞ্জৰ ৰেঞ্জাৰ সহ বন বিভাগৰ লোক।
এই অভিযোগ স্থানীয় গঞাৰ ।যাৰ পৰিপেক্ষিতত খেতিয়ক ৰাইজে কপালৰ ঘাম মাটি কৰি কৰা ধান খেতি কেঁচাই কেঁচাই কাটিব লগীয়া হৈছে।
Tags:
Assam news