Share on Facebook

নামনি অসমৰ বৰপেটা জিলাত আপৰ যোগদান সভা

 অসমত অচিৰেই ৰাজনৈতিক পথ পৰিবতৰ্নৰ আকাংক্ষা।


ভাৰতীয় সৰ্বভৌমত্ব ৰক্ষাৰ অৰ্থে চলি অহা ধাৰাবাহিক শাসনাধিস্থ চৰকাৰ তথা সাম্প্ৰতিক অতি শক্তিশালী হৈ থকা ভাৰতীয় জনতা -পাৰ্টি চমুকৈ বি-জে-পি দল নেতৃত্বাধীন মিত্ৰজতৰ কেন্দ্ৰীয় আৰু অসমৰ ৰাজ্য চৰকাৰৰ ৰাজনৈতিক পট পৰিৱৰ্তন হব নেকি?এয়া সাম্প্ৰতিক সময়ৰ বাবে ৰাজনৈতিক মহলত আন এক বৃহৎ বিচাৰ্য্যৰ বিষয় হৈ উঠিছে।হয় আমি কব বিচাৰিছো এতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমত অতিকে আকৰ্ষিত আৰু চৰ্চিত হৈ পৰা নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল নেতৃত্বাধীন আম আদমী পাৰ্টি চমুকৈ আপ নামৰ ৰাজনৈতিক দলটোৰ কথা।


প্ৰাপ্ত বাতৰিমতে সমগ্ৰ ৰাজ্যজুৰি আপৰ সাংগঠনিক দিশ অতি শক্তিশালী হৈ অহাৰ মূলতঃ নামনি অসম প্ৰতিটো জিলাত নগৰ আৰু চৰ অঞ্চলত জনসাধাৰণৰ মাজত অতিকে আকৰ্ষিত হয় পৰিছে এই আপ নামৰ নতুন ৰাজনৈতিক দলটোৰ প্রতি।সেয়েহে আজি নামনি অসমৰ বৰপেটা জিলাৰ হাউলিত অৱস্থিত ত্ৰিকন্যা বিবাহ ভৱনত জিলা সমন্বয়ক হাদিউল ইছলামৰ সঞ্চালনাত অনুষ্ঠিত হয় এক যোগদান সভা।উক্ত সভাত নামনি অসমৰ বিভিন্ন জিলাৰ পৰা অহা বিজেপি ,অগপ,কংগ্ৰেছ(ই) আৰু এ আই ইউ ডি এফ দলৰ প্ৰায় পাঁচ শতাধিক নেতা সদস্য আপত যোগদান কৰে। উক্ত সভাত প্ৰাক্তন বিধায়ক মামুন ইমফাদুল হক চৌধুৰী ,বঙাইগাঁও আৰু নলবাৰী জিলাৰ তত্বাৱধায়ক হজৰত আলি আহমেদ ,ব্ৰজেন সন্দিকৈ ,কাৰ্তিক সৰকাৰ আৰু মহিলা মৰ্চাৰ সমন্বয়ক অনুৰূপা বড়ো আদি নেতাসকল উপস্থিত আছিল বুলি বাটৰিটোত প্ৰকাশ।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post