Share on Facebook

নামনি অসমত আজিও বান পৰিস্থিতি অপৰিৱৰ্তীত

 নামনি অসমত আজিও বান পৰিস্থিতি অপৰিৱৰ্তীত :চৰকাৰী সাহাৰ্য্য প্ৰদানৰ দাবী আশ্ৰয় শিবিৰ তথা বান বিধ্বস্ত দুৰ্ভগীয়াৰ :বঙাইগাঁও জিলাত তীব্ৰ ৰূপ লৈছে বানপানী গৰা খহনীয়াৰ।



*বিগত কেইবাদিনো ধৰি ধাৰাসাৰ নেৰেনেপেৰা ধুমুহা বতাহ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী আৰু গৰাখহনীয়া সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমৰ প্ৰতিটো জিলা ক্ৰমে বঙাইগাঁও, বৰপেটা, বাক্সা,চিৰাং,কোকৰাঝাৰ, গোৱালপাৰা আৰু দক্ষিণ শালমাৰাত অপৰিৱৰ্তীত হৈয়ে আছে।এনেকি নিতৌ ধুমুহা-বতাহ,বৰষুণ পৰি থকাত নামনি অসমৰ প্ৰতিটো জিলাৰ প্ৰতিটো নৈ-জান, জুৰি,খাল-বিলৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাই অহাত নৈ সমূহৰ গৰাখহনীয়া চূড়ান্ত ৰূপ পাইছে।

            প্রাপ্ত বাতৰিমতে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত কেইবাখনো গাঁও নিছিন্ন হোৱাৰ পথত আগবাঢ়িছে ।একেদৰে কালাইদিয়া-সুখোৱাঝাৰ পথৰ এখন পকীৰ দলংৰ ফাট মেলিছে।আৰু জিলাখনৰ কালদিয়া আৰু টিহু নদীৰ এক মথাউৰী ছিঙি যোৱাত ৰামপুৰ,কাৰাকুৰি,কাচকুৰি,পাৰাকুচি,কাৱৈমাৰীনেউলাৰভিটা আদি গাঁও জলমগ্ন হৈ পৰিছে।ইফালে বিটিএডি এলেকাৰ ৰাজধানী জিলা কোকৰাঝাৰৰ পৰ্বতঝৰা আৰু গৌৰীপূৰত বানপানীৰ পৰিছে বিৰূপ প্ৰভাৱ। শ শ বিঘা খেতিপথাৰ পানীৰ তলত থকাত ইৰিধান ,মৰাপাট আৰু বিভিন্ন শাক পাচলি হৈছে বিনষ্ট।ইয়াৰে মাজতে বৰপেটা জিলাৰ টিহু নদীৰ  মথাউৰী পৰিদৰ্শন কৰে ৰাজহ চক্ৰ বিষয়া ত্ৰিদীপ কোঁৱৰৰ নেতৃত্বত যোৱা এটা বিষয়া-কৰ্মচাৰী আৰু ৰাজনৈতিক নেতাৰ দলে।একেদৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেউৰেএৱা নাৰ্জাৰীয়ে পৰ্বতঝৰা আৰু গৌৰীপুৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। উল্লেখ যে কেইবাদিনো বৰষুণ পৰি থকাৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ কৰিশ্বু নৈ বান্ধৰ পানী নিশা- নিশা অতিগোপনে এৰি দিয়াত নামনি অসমৰ কেইবাটাও নৈৰ জলপৃষ্ঠ বৃদ্ধি পাই বান আৰু গৰাখহনীয়া ব্যাপক সৃষ্টি হয়। মূলতঃ বঙাইগাঁও জিলাটো ব্ৰহ্মপুত্ৰ ,আই,চম্পাৱতী আদি নৈৰ ব্যাপক ৰূপত গৰাখহনীয়া চলি থকাৰ মাজতে বানপানীয়ে হেজাৰ হেজাৰ গৃহ আৰু কৃষিভূমি পানীৰ তলত আছে। আৰু বানপীড়িত ৰাইজে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। কিন্তু এতিয়ালৈকে চৰকাৰী সাহাৰ্য্য প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নামনি অসমৰ প্ৰতিটো জিলাৰ সাংসদ ,বিধায়ক, আৰু মন্ত্ৰীসকল এই দুৰ্যোগৰ সময়ত বানপীড়িতৰ কাষত নাথাকি দিল্লী-দিছপুৰত আত্মগোপন কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বানপীড়িত ৰাইজে অতি শীঘ্ৰে চৰকাৰী সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনাইছে।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post