Share on Facebook

পঞ্চায়ত নিৰ্বাচনকলৈ আপৰ পিছত তিনি দিনীয়া বিশেষ সাংগঠনিক কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত বিধায়ক অখিল গগৈ।

 সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমত ঘটিবলৈ আগবাঢ়িছে ৰাজনৈতিক পট পৰিৱৰ্তনৰ:বিজেপি,অগপ,কংগ্ৰেছ(ই) আৰু এ আই ইউ ডি এফ ক উফৰাবলৈ বিশেষ ব্লুপ্ৰিন্ট প্ৰস্তুত আপ,ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ :লোকসভা ,বিধানসভাক লক্ষ্য কৰি সমাগত পঞ্চায়ত নিৰ্বাচনকলৈ আপৰ পিছত তিনি দিনীয়া বিশেষ সাংগঠনিক কাৰ্যসূচীৰে আজি ধুবুৰীত উপস্থিত বিধায়ক অখিল গগৈ।



ভাৰত তথা উত্তৰ পূৰ্বাঞ্চল আৰু অসমত শাসনাধিস্থ অতি শক্তিশালী দল ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি দলৰ মিত্ৰজতৰ চৰকাৰখন নিছিন্ন হব নেকি? হয় আমি কব বিচাৰিছো অতি শীঘ্ৰে ভাৰত তথা অসমৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে ৰাজনৈতিক ভাৱে ।মূলতঃ আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ লক্ষ্য কৰি সমাগত পঞ্চায়ত নিৰ্বাচনকলৈ ইতিমধ্যে নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালৰ দল আম আদমী পাৰ্টি চমুকৈ আপ ,কৃষক নেতা তথা বিধায়ক অখিল গগৈৰ ৰাইজৰ দল আৰু প্ৰাক্তন  আছু নেতা লুৰিনজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ এই দল তিনিটাই অতি গোপন ব্লু প্ৰিন্ট তৈয়াৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমৰ প্ৰতিটো জিলাত বিশেষ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে।ইফালে আপ ৰ পিছে পিছে ৰাইজৰ দলে যোৱা কালিৰে পৰা নামনি অসমৰ বৰপেটা জিলাৰ পৰা আজি ধুবুৰী জিলাত আহি উপস্থিত হয় সভাপতি তথা বিধায়ক অখিল গগৈ। আজি ধুবুৰী জিলাৰ চাপৰ, বিলাসীপাৰা আৰু গৌৰীপুৰত হেজাৰ হেজাৰ ৰাইজে বিধায়ক অখিল গগৈক ব্যাপক আদৰণি জনোৱা পৰিলক্ষিত হয়।আৰু গৌৰীপুৰত অৱস্থিত পাব্লিক লাইব্ৰেৰী অডিটৰিয়ামত অনুষ্ঠিত হোৱা এক বৃহৎ মাণ্ডলীক দলীয় কৰ্মীসভা ত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈয়ে প্ৰতিটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নামনি অসমক আওকান কৰা ,বানমুক্ত আৰু বানসাহায্য ,ৰজাদিনীয়া ৰাজ হাউলী আৰু প্ৰয়াত ভূপেন হাজৰিকা লগতে লোকগীতৰ সম্ৰাগ্রী প্ৰয়াত প্ৰতিমা পাণ্ডেৰ সংস্কৃতিক দিশ প্ৰকল্পৰ আধাৰত সংৰক্ষিত কৰা ,বিজেপি চৰকাৰে গ্ৰহণ কৰা এন আৰ চি সন্দৰ্ভত ,উচ্ছেদ বসুন্ধৰা আঁচনি আৰু হিন্দু আৰু মুছলমানৰ মৌলবাদী ৰাজনীতি আদিলৈ বিশেষ ব্লু প্ৰিন্ট গ্ৰহণ কৰে।তেওঁ সংসদ বদৰুদ্দিন আজমল,কংগ্ৰেছ,অগপ আদি দলক চোকা সমালোচনা কৰি ভাষণ দিয়ে ।আজি নিশা ধুবুৰীত কটাই অহা কালি গোৱালপাৰাত অনুষ্ঠিত হোৱা এক কৰ্মীসভাত অংশগ্ৰহণ কৰাৰ কথা।



MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post