কোঁচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা-পোছাক,ৰীতি -নীতি আদিকলৈ দিয়া কোঁচ ৰাজবংশী সাহিত্য সভাই প্ৰকাশ কৰা প্ৰতিবেদনত অতি ক্ষুব্ধ আৰু তীব্ৰ প্ৰতিক্ৰিয়া জাতীয় দল-সংগঠনৰ লগতে কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ।
অসম আৰু পশ্চিমবংগ ৰাজ্যৰ একাংশকলৈ প্ৰস্তাৱিত পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণক লৈ যুগ-যুগ ধৰি সংগ্ৰাম কৰি অহা কোঁচ ৰাজবংশী জনগোষ্ঠীটোৱে সাম্প্ৰতিক সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উক্ত বিষয়ক লৈ বিবেচিত হৈ অহাৰ সময়তে শেহতীয়াকৈ কোঁচ ৰাজবংশী সাহিত্য সভাই জনগোষ্ঠীটোৰ ভাষা আৰু পোছাক,ৰীতি- নীতি আদিক লৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত জাঙুৰ খাই উঠিছে উক্ত জনগোষ্ঠীটোৰ বিভিন্ন জাতীয় সংগঠনসমূহ। ইফালে আজি অতি ক্ষোভ প্ৰকাশ কৰা জাতীয় সংগঠনসমূহৰ সদৌ কোঁচ ৰাজবংশী জাতীয় পৰিষদ তথা উক্ত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কোঁচ ৰাজবংশী সাহিত্য সভা আৰু চৰকাৰী পক্ষৰ সমৰ্থনত থকা একাংশ কোঁচ ৰাজবংশী সংগঠনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়া কৰি কি মন্তব্য কৰিছে/
Tags:
Assam news