নগাওঁৰ বটদ্ৰৱা থানা ,নিহত ছফিকুল ইছলামৰ গৃহত মাছ ৰ পৰিদৰ্শন : নগাঁও জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান।
মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছৰ এটা প্ৰতিনিধি দলে আজি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিত সংঘটিত হোৱা হত্যাকাণ্ড আৰু থানা জ্বলাই দিয়া ঘটনাস্থলী পৰিদৰ্শন কৰে।প্রাপ্ত বাতৰিমতে মাছৰ প্ৰতিনিধি দলটোৱে নগাঁও জিলাৰ উপায়ুক্ত বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰে।আৰু উক্ত থানাত গৈ আৰক্ষী বিষয়াৰ সৈতে এক মত বিনিময় কৰে ।একেদৰে স্থানীয় সাংবাদিকৰ সৈতেও কথা পাতে ।ইয়াৰ পিছত আৰক্ষীৰ হাতত মৃত্যুবৰণ কৰা ছফিকুল ইছলামৰ গৃহত উপস্থিত হৈ আৰক্ষী প্ৰশাসনে বুলডোজাৰেৰে ভাঙি পেলোৱা ঘটনা পৰিদৰ্শন কৰে। আজিৰ এই মাছৰ প্ৰতিনিধি দলটোত আছিল মাছৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক লক্ষ্মীপ্ৰসাদ ডেকা ,কেন্দ্ৰীয় সদস্য ভৱমণি শইকীয়া ,নগাঁও জিলা মাছৰ অধ্যক্ষ নীলৰঞ্জন শৰ্মা ,মাছৰ কৰ্মী অপূৰ্ব হাজৰিকা আৰু প্লাবিতা বৰা আদিয়ে বুলি বাতৰিটোত প্ৰকাশ।
Tags:
Assam news