চালেকাটিত শিক্ষা, শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ ওপৰত সজাগতা সভাৰ আয়োজন।
অখিল হিন্দীভাষী বিকাশ পৰিষদৰ চালেকাটি আঞ্চলিক সমিতিৰ উদ্যোগত অহা ৩০ মে’ তাৰিখে চালেকাটি বাবা ৰাম দেও হিন্দী এম ই স্কুলত শিক্ষা, বাল্য বিবাহ আৰু শিশু শ্ৰমিকৰ ওপৰত এখন সজাগতা সভাৰ আয়োজন কৰিছে৷ কোকৰাঝাৰ জিলাৰ চালেকাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফিৰদৌছ আহমেদৰ সহযোগত আয়োজন কৰা হৈছে এই সজাগতা সভা৷সংগঠনটোৰ নেতৃত্বই প্ৰকাশ কৰা মতে ৩০ মে’ তাৰিখে দহ বজাত অনুষ্ঠিত হ’ব এই সজাগতা সভা৷পৰৱৰ্তী সময়ত চালেকাটি আৰক্ষী চকীৰ অধীনত থকা প্ৰতিটো বিদ্যালয়, মহাবিদ্যালয় আদিত এই সজাগতা সভাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সংগঠনটোৱে এক দীঘলীয়া কাৰ্যক্ৰমণিকা যুগুতাই উলিয়াইছে বুলি সংগঠনৰ নেতৃবৃন্দই প্ৰকাশ কৰিছে৷
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
Tags:
Awareness