মাজুলীৰ অতি ভিতৰুৱা ডাম্বুকিয়াল প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত-বিনিময়ত অংশগ্ৰহণ লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাৰ ॥
আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ মাজুলীত অন্তিম দিনা ১৮৩ খন বিদ্যালয়ত অনুস্থিত হ'য় গুণোৎসব । ইয়াৰে ১৪৩ খন প্ৰাথমিক, ১৬ খন মাধ্যমিক আৰু ২২ খন উচ্চ মাধ্যমিক বিদযালয়ত গুণোৎসবৰ উদযাপন হৈছে । শেষৰ দিনা গুণোৎসবত অংশগ্ৰহণ কৰিবলৈ মাজুলীত উপস্থিত হ'য় লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকা । ফুলনি গাঁও পঞ্চায়তৰ অতি ভিতৰুৱা ডাম্বুকিয়াল প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসবত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰাৰ লগতে মাতৃগোট তথা অভিভাবকৰ লগত মতবিনিময় কৰে । মিছিং সম্প্ৰদায়ৰ বিখ্যাত লোক সকলৰ উপমা দি ছাত্ৰ-ছাত্ৰীক ভবিষ্যতে সফল হোৱাৰো কামনা কৰে বিধায়ক মানব ডেকাই । মানব ডেকাক সংগ দিয়ে জিলা উপায়ুক্ত পুলক মহন্তই ॥
Tags:
Education