ঢকুৱাখনা মহকুমা অন্তৰ্গত ঢকুৱাখনাৰ মৌজাদাৰত ১১ বজালৈকে ওলমি আছে তলা। নাই কোনো বিভাগীয় বিষয়া। পুৱা 9 বজাৰ পৰা দুকুৰিও অধিক লোকে খাজনা দিবলৈ আহি বোন্দা পৰ দি আছে মৌজাদাৰ কাৰ্যালয়ত। বিশেষকৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ জাতি প্ৰমাণ পত্ৰ আৰু বিনামূলীয়াকৈ নামভৰ্ত্তি কাৰণে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকক আয়কৰ প্ৰমাণ পত্ৰ উলিয়াবলৈ খাজনা আদায় কৰাটো বাধ্যতামূলক। কিন্তু খাজনা আদায় কৰিবলৈ আহি ইমান সময়ৰলৈকে আহি অপেক্ষা কৰি থাকিব লগা হোৱা কাৰণে ক্ষোভ প্ৰকাশ কৰিছে উপস্থিত থকা ৰাইজে আৰু চৰকাৰে যাতে এইবোৰ কাৰ্যালয় চোকা দৃষ্টি নিক্ষেপ কৰে তাৰ কাৰণে অনুৰোধ জনাইছে।
ঢকুৱাখনাৰ পৰা পুলিন পেগু'ৰ ৰিপৰ্ট,