অসমৰ দ্বিতীয় বৃহত্তম জনজাতি বৃহত্তম জনজাতি মিচিং সকলৰ উল্লেখযোগ্য যে এটা উৎসৱ হৈছে ডবুৰ পূজা। মিচিং জনগোষ্ঠীয়ে যি সময়ৰ পৰা অসমত বসবাস কৰি আহিছে সেই অতীতৰ পৰা ডবুৰ পূজা কৰি আহিছে । অন্যান্য জাতি জনগোষ্ঠীয়ে যি ধৰণে মঠ-মন্দিৰত পূজা-পাতল কৰি আহিছে ঠিক তেনেকৈ মিচিং সমাজেও ডবুৰ পূজাটো দেৱ-দেৱতাক বিশ্বাস কৰে । ইন্দ্ৰ, চন্দ্ৰ,বৰুণ,আদি দেৱতা সকলক বিশ্বাসত ৰাখি পূজা- অৰ্চনা কৰি আহিছে । ডবুৰ পূজা হৈছে মিচিং সমাজৰ জীৱন-ধাৰণ,ভৰণ-পোষণৰ,শস্য শ্যামল হ'বৰ কাৰণে পূজা কৰে । ইয়াক নকৰিলে সমাজ খনে সু-মঙ্গলে জীৱন -ধাৰণ কৰিব নোৱাৰে বুলি আমাৰ মিচিং জনগোষ্ঠীয়ে লোক বিশ্বাস কৰে । মিচিং জনগোষ্ঠীৰ এনেবোৰ ৰীতি-নীতি পালন পূৰ্বপুৰুষ, পিতৃ-পিতামহৰ দিনৰ পৰা চলি আহিছে ।
উল্লেখ্য যে,মিচিং সমাজত বেছি ভাগেই ডবুৰ পূজাটো জেঠ মাহৰ প্ৰথম বুধবাৰ দিনা খন পতাৰ লগতে কিছু লোকে ব'হাগ মাহত পতা দেখা গৈছে ।সেয়ে আমাৰ মিচিং জনগোষ্ঠী অতি পৰিতাপৰ বিষয় হৈ পৰিছে। সকলো মিচিং ৰেঙাম একত্ৰিত হৈ একে মাহত একেতা দিনত ডবুৰ পূজাটো উদযাপন কৰিলে নিশ্চয় আমাৰ অনাগত দিনত আৰু অধিক মিলনৰ সাঁকো ডাল মজবুত হ'ব। ঢকুৱাখনাৰ পৰা পুলিন পেগু'ৰ ৰিপৰ্ট