দিহিংমুখত কৃৰ্তী ছাত্ৰ/ছাত্ৰীক সম্বৰ্ধনা।
ইংৰাজী ০৮/০৬/২০১৯ তাৰিখ শনিবাৰে দিহিংমুখ বাংকে আগম কৌবাঙৰ উদ্যোগত দিহংমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত দিহিংমুখ উচ্চ মাধ্যমিক বিদ্যালয় তথা অঞ্চলটোৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৩১ গৰাকী ছাত্ৰ/ছাত্ৰীক একোখন গ্ৰন্থ, সম্বৰ্ধনা পত্ৰ আৰু কলম প্ৰদান কৰা হয়। এই সম্বৰ্ধনা অনুষ্ঠানক সংগঠি ৰাখি দিহিংমুখ বাংকে আগম কৌবাঙৰ সভাপতি শ্ৰী দন্ধিনাথ মৰাংৰ সভাপতিত্বত দিহিংমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত এখন মুকলি সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক শ্ৰী প্যাৰজ্যোতি টাৱ।সেই সম্বৰ্ধনা অনুষ্ঠানৰ নিদিষ্ট বক্তাৰূপে উপস্হিত থাকি মৰাণ মহিলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট সমাজ কৰ্মী শ্ৰী অজয় কুমাৰ গগৈয়ে কয় যে এটা ভাল চাকৰি কৰি বিদেশত সুখী জীৱনযাপন কৰিলেই জীৱনৰ শিক্ষা সম্পূৰ্ণ হ'ব নোৱাৰে।সমাজখনৰ প্ৰতি দায়িত্ব থাকিলেহে শিক্ষা লাভ কৰাৰ সাৰ্থকতা থাকিব পাৰে। মানৱীয়তাৰ এতিয়া অৱক্ষয় ঘটিছে। পিতৃ-মাতৃয়ে কঠোৰ পৰিশ্ৰম কৰি সন্তানক মানুহ হিচাপে গঢ় দিয়ে যদিও সমাজৰ একাংশ উচ্চ শিক্ষিত পুত্ৰ/বোৱাৰীয়ে জন্মদাতা পিতৃ মাতৃ ক্ৰমে বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা ঘটনা নিতৌ সংগঠিত হ'ব ধৰিছে।যিটো সমাজখনৰ বাবে অতি উদ্ধেগাজন বিষয়। আৰু লগতে কয় যে এজন ভাল মানুহে চৰিত্ৰৱান মানুহ হিচাপে গঢ় দিয়াটো অতি কষ্টকৰ। চাৰিত্ৰিক ভাৱে সৎহলেহে নিজৰ ব্যক্তিগত কৰ্মৰ দ্বাৰা সমাজখনৰ শুদ্ধ পথৰ সন্ধান দিব পাৰি। বৰ্তমান আমাৰ সমাজত সুখ্যাতিৰে উত্তীৰ্ণ বহু ছাত্ৰ/ছাত্ৰীয়ে পৰবৰ্তী সময়ত ক'ৰবাত হেৰাই গৈছে। ছাত্ৰ/ ছাত্ৰীক নিজ গাঁৱখনৰ তথা অঞ্চলটোৰ প্ৰতি এখন সুকীয়া স্হান হৃদয়ত ৰাখিবলৈ আহ্বান জনায়। লগতে সভাত উপস্থিত থাকে দিহিংমূখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী মোহন উপাধ্যায় অনুষ্ঠান টোত দিহিংমূখ বাংকে আগম কৌবাঙৰ প্ৰাক্তন সভাপতি তথা ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ:প্ৰধান শিক্ষক শ্ৰী নৱকুমাৰ বড়ি, উদয়পুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী ধনঞ্জয় টাইদ,TMPKৰ শিৱসাগৰ জিলাৰ সভাপতি শ্ৰী দিব্য খামতী, সহকাৰী সম্পাদক শ্ৰীএকলব্য টাইদ, MMKৰ শিৱসাগৰ জিলাৰ সম্পাদক শ্ৰীধৰমেন্দ্ৰ টাৱ, দিহিংমূখ বাংকে আগম কৌবাঙৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীদেৱেন টাইদ,সমাজ কৰ্মী শ্ৰীনগেন টাৱক আদি কৰি কেবাজনো বিশিষ্ট ব্যক্তি য়ে বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে এইবাৰ চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰিবলৈ যোগ্যতা অৰ্জন কৰা দিহিংমূখৰ সূ-সন্তান শ্ৰীদুলু টাইদক দিহিংমূখ বাংকে আগম কৌবাঙৰ তৰফৰ বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়,এই বুলি দিহিংমূখ বাংকে আগম কৌবাঙৰ সম্পাদক শ্ৰী প্যাৰজ্যোতি টাৱ আৰু প্ৰাক্তন সম্পাদক শ্ৰী অনিল পাংগিঙে জানিবলৈ দিয়ে