Share on Facebook

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ছয় ঘণ্টীয়া অনশন কা...



 গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ছয় ঘণ্টীয়া অনশন কাৰ্যসূচী ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সমিতিৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে আজি গোলাঘাট গান্ধী ক্ষেত্ৰত ছয় ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । ছাত্ৰ নেতা আকাশ দাৱ, সত্যব্ৰত শইকীয়া, সুপ্ৰতিম ৰাজখোৱাৰ নেতৃত্বত উক্ত অনশন কাৰ্যসূচী ৰূপায়ণ l গোলাঘাটত দিনক দিনে বৃদ্ধি পোৱা মৃত্যুদূত ৰূপী ড্ৰাগছৰ বেহা বন্ধ কৰক, ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰক, ড্ৰাগছ মাফিয়াৰ সৈতে পুলিচ প্ৰশাসনৰ মিতিৰালি বন্ধ কৰক, Anti Drugs Squred Team গঠন কৰক আদি দাবীৰে আজি ৬ ঘণ্টীয়া অনশন কৰ্যসূচী পালন কৰে । উল্লেখযোগ্য যে গোলাঘাটত  দিনক দিনে গঢ়ি উঠা ড্ৰাগছ ব্যৱসায়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা গৈছে । ড্ৰাগছৰ প্ৰচলনৰ ফলত নব প্ৰজন্ম  ইটোৰ পিছত সিটো যুৱক মৃত্যুৰ কবলত পৰিছে । সংগঠনটোৰ অভিযোগ, আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা ফলত  এনেধৰণৰ নিতৌ ঘটনা ঘটিবলৈ ধৰিছে গোলাঘাটত l আৰু অতি শীঘ্ৰে যদি প্ৰশাসনে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে অনাগত দিনত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নেতা সকলে l

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post