ঢকুৱাখনাৰ বালিদেউৰীত মেছিন কৰত,অবৈধভাৱে কটা কাঠ জব্দ বন বিভাগৰ ।
ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ ভিতৰুৱা অঞ্চলত দীৰ্ঘ দিনৰ পৰা নিষিদ্ধ বৰ্হিৰাষ্ট্ৰত নিৰ্মিত মেছিন কৰটেৰে অবৈধভাৱে পথৰ কাষৰ গছ,আৰু কিছু স্থানত থকা চৰকাৰী ভুমিৰ গছ একাংশ অসাধু লোকে কাটি ব্যৱসায় চলাই অহাৰ সন্দৰ্ভত কিছুদিন পূৰ্বে সংবাদ মাধ্যমত বাতৰি পৰিবেশন হোৱাৰ পিছৰ পৰাই কঠোৰ হৈছে ঢকুৱাখনা প্ৰশাসন আৰু বন বিভাগ। আজি ঢকুৱাখনা উপ বন খণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া ফৰেষ্টাৰ-২ চন্দ্ৰ কান্ত দাসে বিশেষ সুত্ৰৰ খবৰৰ ভিত্তিত বিয়লি-৩ মান বজাত অভিযান চলাই বিদেশী ৰাষ্ট্ৰত নিৰ্মিত এখন নিষিদ্ধ মেছিন কৰটসহ ৩ জোপা পথৰ কাষৰ কটা শিমলু গছ আৰু ৩৫ পিছ বৰঙা জব্দ কৰিবলৈ সক্ষম হয়। ঢকুৱাখনা থানাৰ আৰক্ষী আৰু সোণাৰি চাপৰি আৰক্ষী চকীৰ আৰক্ষী জোৱানৰ সহযোগত ঢকুৱাখনা-মাজুলীৰ সীমান্তৰ বালিদেউৰীৰ খেৰকটা দলঙৰ সমীপৰ পৰা ফৰেষ্টাৰ-২ দাসে ফলা কাঠখিনি আৰু কৰটখন জব্দ কৰি আনি ঢকুৱাখনা উপ বন খণ্ডৰ কাৰ্যালয়ৰ হেফাজতত ৰাখেহি। জানিব পৰামতে বালিদেউৰীৰ বিষ্ণু দেউৰী নামৰ লোকজনে ঢকুৱাখনা-মাজুলী সংযোগী গড়কপ্তানি পথৰ কাষৰ এলেকাত থকা তিনিজোপা শিমলু গছ কাটোৱাই মেছিন কৰটেৰে ফলোৱাইছিল। ঢকুৱাখনাৰ পৰা পুলিন পেগু'ৰ ৰিপৰ্ট ১৭ জুন।