২১ জুনৰ পৰা ভূপালত অনুষ্ঠিত হব ইন্টাৰনেশ্যনেল পেঞ্চাক চিলাট চেম্পিয়নশ্বিপ, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অংশগ্ৰহণৰ কাৰণে গমণ ৫৬ গৰাকী খেলুৱৈ
ধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত হ'বলগীয়া আগন্তুক 'প্ৰি-টীন' আৰু 'প্ৰি-জুনিয়ৰ' ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতাৰ লগতে আগন্তুক "মালায়েচিয়া ইণ্টাৰনেশ্ব্যনেল চেম্পিয়নশ্বিপ-২০১৯" ৰ বাচনিৰ বাবে ৫৬ গৰাকী খেলুৱৈ আৰু ৮ গৰাকী টেকনিকেল অফিছিয়েল সহ মুঠ ৬৪ জনীয়া অসম দলটি আজি পুৱা ১০ বজাত ভূপাল অভিমুখে যাত্ৰা আৰম্ভ কৰে। ২১,২২ আৰু ২৩ জুনত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিতে চিংগাপুৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক "ইণ্টাৰনেশ্ব্যনেল পেঞ্চাক চিলাট চেম্পয়নশ্বিপ-২০১৯" ৰ বাবে 'প্ৰি-টীন' আৰু 'প্ৰি-জুনিয়ৰ' খেলুৱৈ সকলৰ লগতে ১৭ বছৰৰ উৰ্দ্ধৰ খেলুৱৈ সকলক "মালায়েচিয়া ইণ্টাৰনেশ্ব্যনেল চেম্পিয়নশ্বিপ-২০১৯" ৰ বাবে চূড়ান্ত বাচনি কৰা হ'ৱ। অসম দলৰ গগন চন্দ্ৰ বড়ো, ভৃগু মিলি, কেশৱ গগৈ আৰু চুমী গগৈৰ লগতে নৰ্থ-ইষ্ট পেঞ্চাক চিলাট ফেডাৰেশ্বনৰ সাধাৰণ সম্পাদক লক্ষ্যজিত দলেৰ নেতৃত্বত যোৱা দলটি ২০ জুন তাৰিখে ভূপালত উপস্থিত হবগৈ।