Share on Facebook

ঢকুৱাখনাত সামান্য বৰষুণতে খহি গ'ল ১৫৫ কোটিটকীয়া আচঁনিৰ এপ্ৰ'ণ জি'অ বেগ/...



ঢকুৱাখনাত সামান্য বৰষুণতে খহি গ'ল ১৫৫ কোটিটকীয়া আচঁনিৰ  এপ্ৰ'ণ জি'অ বেগ/মথাউৰি
ঢকুৱাখনা চিচি-টেকেলীফুটা মথাউৰিৰ সৱলীকৰন তথা খহনীয়া প্ৰতিৰোধ আচঁনি ৰুপায়নৰ নামত চৰম বহুৱালী প্ৰদ'শন কৰি অহা বাংগালুৰুৰ ঠিকাদাৰ সংস্হা “ য়াজুকা”ৰ নিম্নমানৰ কামৰ ফলশ্ৰুতিত এইবাৰ কাম আদায় হোৱাৰ আগতে জি'অ বেগ বনোৱা মাটিখিনি নিজে নিজে খহি খালি হ'ল জি'অ বেগ৷নিমা'নৰ কাম চলি থাকোতেই সামান্য পানীৰ ভৰ সহিব নোৱাৰি এইদৰে মথাউৰি বক্ষত স্হাপন কৰা শ শ মথাউৰি ৰ মাটি উটি যোৱাৰ ঘটনাক লৈ নৈ পৰীয়া ৰাইজ শংকিত হৈ পৰিছে৷উল্লেখ যে ঢকুৱাখনাত ব্ৰক্ষপুত্ৰৰ চিচি-টেকেলীফুটা মথাউৰিত সৱলীকৰণ আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে এফ এম পি আচঁনিৰ অধীনত ১৫৫ কোটিটকা আৱন্টন দিছে৷

  আৰম্ভণিৰে পৰা ১৫৫ কোটিটকালৈ লোলোপ দৃষ্টি ৰখা অথলোভী “য়াজুকা ”ৰ নিম্নমানৰ কামৰ ফলতেই প্ৰায় ১মাহ ধৰি বৰষুণ দিবযাৰ ফলতে মথাউৰিটোৰ বাঘচুক অংশত স্হাপন কৰা এপ্ৰ'ণ আৰু জি'অ বেগত কম মাটিবৰোৱাৰ কাৰনে চেপেটা হোৱাই নহয় খৰালিত কাম নকৰি বাৰিষা কাম আৰম্ভ কৰাৰ ফলত বান্দেনাৰ লগতে মথাউৰিৰ বিভিন্ন স্হানত বালি মাটি বৰষুণৰ পানীয়ে খহাই নি সমগ্ৰ মথাউৰিতোৰ প্ৰতিয়েই এই মুহূৰ্তত ভাবুকি কঢ়িয়াই আনিছে৷ এতিয়ালৈকে কোনো বিভাগীয় ক'তৃপক্ষৰ গুৰুত্ব নাই৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post