শিৱসাগৰ জিলাৰ TMPK,MMK আৰুTMMK ৰ উদ্যোগত শিক্ষা,সমাজ সংস্কাৰমুলক আঁচনি সন্দৰ্ভত জন সভা
অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী হিচাপে আজি মিচিং সকলৰ উন্নতিৰ জখলাত খোজ পেলাই আহিছে।ই আমাৰ বাবে গৌৰৱৰ বিষয়, কিন্তু বিশ্বায়নৰ প্ৰভাবত পৰি অন্য জাতি জনগোষ্ঠীবোৰৰ দৰে আমাৰ জাতিটোৰ শিক্ষা, সামাজিক আদি ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে। সেইয়েহে শিক্ষা , সমাজ সংস্কাৰ আৰু জীৱন জীৱিকামুলক আঁচনিৰ আদি দ:লুং পৰ্যায়তলৈ নিব পৰাকৈ আজি ইংৰাজী ১৩/০৬/২০১৯ তাৰিখ বৃহস্পতিবাৰে দিচাংমুখ অনিল ভৱনত দিনৰ ১১ মান বজাৰ পৰা শিৱসাগৰ জিলাৰ TMPK,MMK আৰু TMMK ৰ নেতৃত্বত, সভাপতি শ্ৰীদিব্য খামতী,শ্ৰীদিনেশ পাংগীং আৰু শ্ৰীমতী নিলাশী টায়েৰ তিনিয়ো জাতীয় সংগঠনৰ সভাপতিত্বত এখনি ৰাজহুৱা সভাখন অনুষ্ঠিত হয়। বিশেষকৈ দত:গাং ,আলি আই লৃগাং, দবুৰ পুজা , য়ামনে লাছাং, তুলনী বিয়া বোৰক মিচিং পৰম্পৰাগত নীতি নিয়ম মতে হবগে লাগে বুলি জানিবলৈ দিয়ে।আজি কালি মিচিংৰ দতগাঙে মেলালৈ পৰিবৰ্তন হয় পৰিছে আৰু লগতে দবুৰ পুজাৰ নামত কিছুমান মিচিং গাঁৱত চান্দা বৰঙণি তোলা দেখা পোৱা গৈছে বুলি জানিবলৈ দিয়ে।শিৱসাগৰ জিলাৰ প্ৰতিটো মিচিং গাঁৱৰ বৰা বাৰৃগ সকলে নিমন্ত্ৰণ ৰক্ষা কৰি শিক্ষা, সমাজ সংস্কাৰ, জীৱনজীৱিকামুলক আঁচনি সন্দৰ্ভত জন সভাত অংশগ্ৰহন কৰা দেখা পোৱা গৈছে। উক্ত সভাত উপস্থিত আছিল কেন্দ্ৰীয় সমিতিৰ TMPK ৰ সম্পাদক শ্ৰী পদ্মলোচন দলে ছাৰ, ONGCৰ সৰ্বভাৰতীয় সন্মানীয় সভাপতি শ্ৰী পোনাৰাম মিলি, ছাংগা মাজুলী সমষ্টিৰ GM শ্ৰী নিলকান্ত দলে, ৩৪নং দিচাং দিখৌ সমষ্টিৰ প্ৰাক্তন GM শ্ৰী মনেশ্বৰ মিলি, ৩৪ নং দিচাং-দিখৌ সমষ্টিৰ GM শ্ৰীমতী নিভা মিলি, কেন্দ্ৰীয় সমিতিৰ TMPKৰ সদস্য শ্ৰী বিৰেনসিং মিলি , শিৱসাগৰ জিলা সমিতিৰ টি এম পি কেৰ প্ৰাক্তন সভাপতি শ্ৰীদিপক পাংগীং,এম এম কেৰ প্ৰাক্তন সভাপতি শ্ৰী ৰবিন মিলি, লগতে শিৱসাগৰ জিলা সমিতি আৰু প্ৰতিটো আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ সকলে উপস্থিত আছিল বুলি শিৱসাগৰ জিলা সমিতিৰ তিনিও জাতীয় সংগঠনৰ সম্পাদক শ্ৰী পঞ্চান বড়ি, শ্ৰী ধৰ্মেন্দ্ৰ টাৱ আৰু শ্ৰীকৰিস্মা পাংগীঙে