ঢকুৱাখনাত শাওণৰ পথাৰত এতিয়া ব্যস্ত ৰুৱনি।
জীয়াঢল আৰু কুমতীয়া নদীৰ বাঢ়নি বানে ঢকুৱাখনাৰ কেইবাখনো গাৱঁৰ ঘৰ-বাৰী, বহু লোকৰ ঘৰ-বাৰী,খেতি-পথাৰ বোকা-পলসে তচনচ কৰি পেলালে।গৰু,ম'হ,ঘোঁঁৰা,গাহৰি,ছাগলী, আদিৰ বাবে তীব্র খাদ্য সংকটৰ মাজতে কৃষকৰ একমাত্ৰ জীৱন ধাৰণৰ সম্ভল খেতি পথাৰ উচন কৰা পিছত কৃষকৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে। ৰাজ্যৰ চৌদিশে এতিয়া বানৰ বিভীষিকা লগতে ঢকুৱাখনাৰ বহু অঞ্চল যদিও পানী কিছু পৰিমাণে কমিছে কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰ পাৰৰ মাতমৰা,কৱচুক গাঁৱৰ পথাৰত কৃষকে কপালৰ ঘাম মাটিত পেলাই ৰুই থোৱা খেতি ধবংস লীলা। উদং পথাৰ দেখি এতিয়া দৰিদ্ৰ কৃষকৰ মাজত চকুপানী আপোনা আপুনি নিগৰি আহিছে।। কিন্তু পুনৰ উদ্যমেৰে এতিয়া ব্যস্ত হৈ পৰিছে বছৰটোৰ বাবে ভাত মুঠিৰ কাৰণে । সেয়েহে পুনৰ সোণোৱালী পথাৰত ধান ৰোৱাত ব্যস্ত ডেকা গাভৰু সকলো। কোনোৱে যদি হাল বোৱাত ব্যস্ত , কোনোৱে আকৌ কঠিয়া ৰোৱাত । তাৰ মাজে মাজে গাভৰু মুখে মুখে দুখ ত্যাগ কৰি জুৰিছে ঐনিতম ।