বৰপথাৰৰ পৰা মিৰিগাঁও হৈ অভংপথাৰ সংযোগী পথৰ দুৰৱস্থা
গোালাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ পৰা মিৰিগাঁও হৈ অভংপথাৰ সংযোগী পথৰ দুৰৱস্থা । ১২ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল পথটো । নিৰ্মাণৰ পাছৰ পৰা পথটো মেৰামতি নকৰাৰ বাবে ভাঙি-ছিঙি বিধ্বস্ত হৈ পৰিছে । উক্ত পকী পথটোৰ মাজে মাজে সৃষ্টি হৈছে দ গাঁত । পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে ।অতি শীঘ্ৰেই পথটো মেৰামতি কৰিবলৈ অসম চৰকাৰলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে