আজিও বান পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে ঢকুৱাখনা বিধান সভা সমষ্টিৰ কেইবাখনো গাঁও
ৰাজ্যত কেইবাদিনো ধৰি নেৰা-নেপেৰা বৰষুণ দিয়াৰ ফলত বিস্তৃৰ্ণ অঞ্চল বৰ্তমান পানীৰ কৱলত। আজি পাঁচ দিন ধৰি বিভিন্ন অঞ্চল প্লাবিত কৰিছে। ঢকুৱাখনা বিধান সভা সমষ্টিৰ লেচেৰা , অমুদবৰবাৰী, লাহুৱাল, ভেটটলি, সোণাৰি চাপৰি ইত্যাদি গাঁও বৰ্ত্তমান পানীৰ কৱলত ।বৰ্ণাঢ্য মাজত হাহাকাৰ সৃষ্টি হৈছে। বিশেকৈ খাদ্য -থকা মেলা , বিশুদ্ধ খোৱা পানী ,পশুধনৰ খাদ্য অভাৱত ভুগিছে। ঘৰৰ ভিতৰত একাঠু একাঠু পানী,চাং ঘৰৰ ভিতৰত জীৱন অতিবাহিত কৰিব লগা হৈছে বৰ্ণাঢ্য। বাতৰি সংগ্ৰহ কৰা লৈকে ঢকুৱাখনাৰ মহকুমা প্ৰশাসন, বিধায়ক কোনো বানপীড়িত বানাক্ৰান্ত ৰাইজৰ ওচৰত উপস্থিত হোৱা নাই। প্ৰশাসনৰ ফালৰ পৰা এতিয়াও বনাৰ্ঢ্য লোকে কোনোধৰণৰ সাহাৰ্য লাভ কৰা নাই।