Share on Facebook

লেচেৰা গাঁৱৰ বানাক্ৰান্ত বানপীড়িত ৰাইজলৈ সাহাৰ্য বিতৰণ ।



মিচিং লুটাদৰ বিশেষ প্ৰভাৱ :- ঢকুৱাখনাৰ লেচেৰা গাঁৱৰ বানাক্ৰান্ত বানপীড়িত ৰাইজলৈ সাহাৰ্য বিতৰণ ।

এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ উজনি নামনি অসমৰ বিভিন্ন অঞ্চলত  যি বানৰ বিভীষিকা সৃষ্টি কৰিছিল তাৰ পিছতে বানাক্ৰান্ত ৰাইজলৈ  প্ৰশাসন, সংগঠন তথা বিভিন্ন জনে সহায়ৰ হাত আগবঢ়ালৈ আগবাঢ়ি আহিছে। যোৱা ১৫ জুলাই তাৰিখে মিচিং লুটাদৰ লেচেৰা গাঁৱৰ ধাৰাবাহিক বাতৰি পৰিৱেশন কৰা  পিছতেই লেচেৰা গাঁৱৰ বানাক্ৰান্ত ৰাইজক সহায় কৰিবৰ কাৰণে প্ৰশাসনকে আদি কৰি বিভিন্ন জাতীয় সংগঠন সমূহে বিভিন্ন ধৰণে সাহাৰ্য আগবঢ়াইছে।  ঢকুৱাখনা  বিধান সভা সমষ্টিৰ অন্তৰ্গত লেচেৰা গাঁৱৰ সৰ্বশ্ৰান্ত বানপীড়িত বানাক্ৰান্ত ৰাইজলৈ আজি দিনৰ ২ বজাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২২ নং খেৰকটা দাংধৰা সমষ্টিৰ সাধাৰণ সদস্যা বিউটি পেগুৰ উদ্যোগত আৰু TMPK, MMK, আৰু TMMK জাতীয় সংগঠনৰ সহযোগত আজি প্ৰতিটো পৰিয়াললৈ  চাউল, দাইল, নিমখ আৰু বিস্কুটকে আদি কৰি অন্যান্য সা-সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰে। উক্ত সাহাৰ্যৰ কাৰণে বানপীড়িত ৰাইজে সুখ অনুভৱ কৰে। সংগঠনৰ নেতৃবৃন্দৰ এগৰাকী সদস্যই আমাৰ সাংবাদিকক কয় যে , " বানপীড়িত ৰাইজে বহুত কষ্টত বসবাস কৰিছে। খোৱা, শুৱা লগতে বিভিন্ন ধৰণৰ অসুবিধা হৈছে। সেয়েহে আপোনালোকৰ চেনেলৰ জৰিয়তে এই দুৰৱস্থাৰ কথা জানিব পাৰি আমি সহায়ৰ বাবে আগবাঢ়ি আহিছোঁ। আপোনালোকক এইছেগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।  লগতে জনাবলৈ পাই সুখী হৈছোঁ যে মিচিং স্বায়ত্ব শাসিত সদস্যা বিউটি পেগুৱে এইখন গাঁৱৰ মৌলিক সমস্যা সমূহৰ সমাধানৰ কাৰণে সাধ্যনুসৰি চেষ্টা কৰিব বুলি আমাক অৱগত কৰে।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post