এবুকু পানীৰ তলত ধান বিচাৰি হাহাকাৰ ঢকুৱাখনাৰ মহিলাৰ।
ঢকুৱাখনা সমষ্টিৰ পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত লেচেৰা,ভেটতলী,মৌখোৱা ইত্যাদি কেইবাখনো গাৱঁৰ শ শ বিঘা পকা বড়ো,আহুধানৰ খেতি নষ্ট কৰিলে বানে।এতিয়া পানী কমিবলৈ আৰম্ভ কৰাত এবুকু,এডিঙি পানীত নামি বানাক্ৰান্ত মহিলাই দাইছে গেলা ধানৰ মুঠি। যেনে তেনে কঠীয়াটোকে সংগ্ৰহৰ বাবে অহা বছৰ খেতি কৰিবলৈ।কাৰণ এই পৰ্যন্ত অঞ্চলটোত কৃষি বিভাগৰ লোক উপস্থিত হৈ বুজ লোৱাগৈ নাই নষ্ট হোৱা ধাননি পথাৰৰ