বহু গাঁও বানৰ কবলত/খাদ্যৰ অভাৱত মানুহ পশুকুলৰ হাহাকাৰ
অৰুণাচলৰ পাহাৰত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ বানে বুৰাই পেলাইছে ঢকুৱাখনা সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া তিনিখন পঞ্চায়ৰ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী।
পূৱ ঢকুৱাখনা, মাতমৰা, আৰু খেৰকটা পঞ্চায়তৰ বহু কেইখন গাঁৱৰ ৰাইজ জলবন্দী হৈ পৰিছে।
ব্ৰহ্মপুত্ৰৰ চিচি-টেকেলিফুটা মথাউৰিৰ বাহিৰত বসবাস কৰা -বাহিৰ টেকলিফুটা,
যোগীসুতি, বাহিৰ কপচান,বাহিৰ বান্দেনা,বাঘচুক ইত্যাদিৰ শতাধিক পৰিয়ালৰ খেতি-পথাৰ,ঘৰ-বাৰী বানে বুৰাই নষ্ট কৰাত মথাউৰিৰ ওপৰত গৰু-মহ,গাহৰীৰ সৈতে বাহৰ পাতিব লগা হৈছে। প্ৰশাসনৰ ফালৰ পৰা পৰ্যাপ্ত সাহায্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ কৰিছে বৰ্নাত্য ৰাইজে।