আৰম্ভ হল বৰপথাৰ চকলিত ১০ দিনীয়া নৃত্য কৰ্মশালা । ১ জুলাইৰ পৰা ১০ জুলাই লৈকে চলিব এই কৰ্মশালা ।
গোলাঘাট জিলা ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰৰ চকলি হিন্দী প্ৰাথমিক বিদ্যালয়ত 'চকলি আঞ্চলিক বিহু মঞ্চ'ৰ সৌজন্যত অায়োজন কৰা ১০ দিনীয়া "নৃত্য কৰ্মশালা" সোমবাৰে শুভ আৰম্ভনি কৰে । এই কৰ্মশালাত সৃষ্টিশীল নৃত্য আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । 'চকলি আঞ্চলিক বিহু মঞ্চ'ই শিশুসকলৰ সুপ্ত প্ৰতিভা জাগ্ৰত কৰাৰ উদ্দেশ্যৰে পোন প্ৰথমবাৰৰ বাবে নৃত্য কৰ্মশালাখনি আয়োজন কৰিছে । বিভিন্ন জনগোষ্ঠীৰ প্ৰায় ৭০-৮০ জন ছাত্ৰ-ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহন কৰিছে বুলি উদ্যোগতা সমিতিয়ে জানিবলৈ দিয়ে ।