ঢকুৱাখনাৰ নামতি পাতৃচুকত পুখুৰীত গা ধুবলৈ গৈ এটি কিশোৰ সলিল সমাধি ।
ঢকুৱাখনাৰ নামতি পাতৃচুকত পুখুৰীত গা ধুবলৈ গৈ এটি কিশোৰ সলিল সমাধি ।পিতৃ শিৱাজী চুংক্ৰাং আৰু মাতৃ সত্যৱতী চুংক্ৰাংৰ পুত্ৰ জোনকুমাৰ চুংক্ৰাং (৯ ) পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ।দেওবাৰৰ বন্ধৰ দিনটোতে কাল অমানিশা নমাই আনিলে ঢকুৱাখনা নামনি পাতৃচুক গাঁৱলৈ। গ্ৰীষ্ম বন্ধৰ দিনত পুৱাই গৈছিল ৪ গৰাকী মান কিশোৰ নামনি পাতৃচুকৰ গজেন চুংক্ৰাংৰ পুখুৰীত গা ধুবলৈ ।কিন্তু আকস্মিক ভাবে এটি কিশোৰ সলিল সমাধি হয়। উক্ত ঘটনাটো আন কিশোৰ সকলে দেখি কিং কৰ্তব্য বিমুঢ় হৈ দৌৰি আহি গাঁৱৰ ৰাইজক খবৰ দিওঁতে বহু পলম হৈ গৈছিল। কিন্তু মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। বৰ্তমান ঘিলামৰা আৰক্ষী তথা মহকুমা প্ৰশাসনক খবৰ দিয়া হৈছে ।