পুনৰ বৃদ্ধি পাইছে জীয়াঢল,চামপৰাৰ জলস্তৰ/ বাঢ়নী পানীয়ে উটোৱাই নিলে চিগা অংশৰ দলং
বৰ্হিবিশ্বৰে যোগাযোগ বন্ধ কেচেৰুগুৰি অঞ্চলৰঅৰুণাচলৰ পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ উফন্দি উঠিছে জীয়াঢল,কুমতীয়া ইত্যাদি পাহাৰীয়া নৈবোৰৰ জলপৃষ্ট।জীয়াঢলৰ সৈতে সংযোগ থকা চামপৰা নদীতো আজি বিয়লিৰে পৰা দ্ৰুত গতিত বৃদ্ধি পোৱা দেখা যায় জলস্তৰ। ইয়াৰ বাবে কিছু সময় পূৰ্ৱে ঢকুৱাখনাৰ
ঘিলামৰাত চামপৰা নদীৰ বাঢ়নী পানীৰ ঢলে উটোৱাই লৈ গ'ল গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰা এখন নৱনিৰ্মিত বাঁহৰ দলং।ফলত পুনৰ বাৰ বৰ্হিবিশ্বৰে যোগাযোগ বিচ্ছিন্ন হ'ল বাংক্লেং-কেচেৰুগুৰি,দক্ষিণ গাৱঁকে আদি এটা বৃহৎ অঞ্চলৰ ৰাইজৰ।