পথৰ ভয়ানক অৱস্থা, যমৰ যন্ত্ৰণাত পথচাৰী ।
গোলাঘাট জিলা সৰুপথাৰ বিধানসভা সমষ্টিৰ টেঙানি গাওঁ পঞ্চায়তৰ অন্তৰ্গত হুইহিংপথাৰৰ বাটপথৰ দুৰৱস্থাই জলা কলা খোৱাইছে ৰাইজক ৷ গাওঁখনৰ মূল পথটোৰ দুৰৱস্থাৰ বাবে কেনিও ওলাব সোমাব নোৱাৰা অৱস্থা ৷ যমৰ যন্ত্ৰণাত ভূগিব লগীয়া হৈছে পথচাৰীয়ে । পথচোৱাৰ নিৰ্মাণৰ বাবে দিৰ্ঘদিনৰ পৰা আবেদন-নিবেদন কৰি আহিছে যদিও চৰকাৰে কাণসাৰ নিদিয়াক লৈ ক্ষোভিত হৈ পৰিছে স্থানিয় ৰাইজ ।ঔগুৰি আলিচিঙাৰ পৰা ২নং বৰহোলা হৈ বৰপথাৰ নগৰ সংযোগী এই মূল পথৰ যিটো অৱস্থা ৰাজপথ নহয় যেন নৰকৰ বাটহে । পথটোৱেদি ছাত্ৰ-ছাত্ৰীসকলে ভৰিৰ ছেণ্ডেল হাতত লৈ স্কুল- কলেজলৈ যাব লগা হয় । পথচোৱাৰ প্ৰায় ৮ কিলোমিটাৰ বাট হৈ পৰিছে বোকাময় আৰু পুখুৰী সদৃশ । চিকিৎসাৰ বাবেও অঞ্চলটোৰ জনসাধাৰণে বোকাময় পথটোৰেই বৰপথাৰ নগৰলৈ যাব লগিয়া হয় । পথটো অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনায় ৰাইজে ।