ঢকুৱাখনাত ২৯ সংখ্যক কাংকিন কেবাং উল্লহ মালহৰে উদযাপন।
ঢকুৱাখনা মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত আয়োজিত-২৯ সংখ্যক ঢকুৱাখনা টাউন কাংকিন কেবাঙ উল্লহ মালহৰে উদযাপন কৰা হয়। পুৱা-৭ বজাত পতাকা উত্তোলন কৰে ঢকুৱাখনা টাউন টি,এম,পি,কে'ৰ সভাপতি অনিল দলেয়ে।৭.৩০ বজাত সম্পাদক ভৱজিৎ পেগুৱে পতাকা উত্তোলন কৰাৰ পিছতে ১১.৩০ বজাৰ আলোচনাচক্ৰ আৰম্ভ হয়। উক্ত অনুষ্ঠানত আয়োজিত-"প্ৰতিযোগিতা মুলক পৰীক্ষাৰ প্ৰস্তুতি আৰু সফলতা লাভৰ উপায়" শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি আৰক্ষী বিষয়া মীনাই আৰু ডিব্ৰুগড় জিলাৰ সংস্কৃতিক বিষয়া-ড০ পবিত্ৰ কুমাৰ পেগুৱে বহুমূলীয়া মন্তব্য আগবঢ়ায় । দুপৰীয়া-১২ বজাত "কাংকিন কেবাঙ"ৰ মুখপত্ৰ 'কাংকিন' উন্মোচন কৰে মিচিং সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰভাত চন্দ্ৰ মিলিয়ে। অন্যহাতে বিয়লি ২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। শিক্ষাবিদ বগীৰাম কুটুমে উদ্বোধন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মিছিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে।লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই সন্মানীয় অতিথি হিচাপে, বিশিষ্ট অতিথি হিচাপে সদৌ অসম মিচিং ছাত্র সন্থাৰ সম্পাদক পদ্মলোচন দলেৱে সাৰুৱা মন্তব্য আগবঢ়ায়। আজিৰ অনুষ্ঠানত লগতে অসম প্ৰশাসনিক সেৱাৰ বিষয়া ঢকুৱাখনাৰ অতিৰিক্ত ন্যায়াধীশ কুলভূখন পেগু, লখিমপুৰ জিলা পৰিষদৰ ইন্দ্ৰ কুমাৰ চুংক্ৰাং আদিকে ধৰি মিছিং জনগোষ্ঠীৰ বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰি ভাষণ আগবঢ়াই।।