শিৱসাগৰত আৰক্ষী কনিষ্টবল পৰমানন্দ য়েইনৰ মৃত্যু ক লৈ চাঞ্চল্য।
জয়সাগৰ থানাৰ কনিষ্টবল চেঁচামুখ ভেকুৰী চাপৰী গাঁওৰ বাসিন্দা পৰমানন্দ য়েইন। শিৱসাগৰ আৰক্ষী অধীক্ষকৰ নিৰ্মমতাৰ বলি হল এগৰাকী অসহায় কনিষ্টবল পৰমানন্দ য়েইন।অধীক্ষকৰ তালিবানি শাস্তিৰ পৰিণতিত মৃত্যু কনিষ্টবলৰ।এই গৰাকী শিৱসাগৰ আৰক্ষী অধীক্ষক দায়িত্বত আছে অমিতাভ সিনহা। গুৱাহাটীৰ বশিষ্ট থানাত লকাপত আছামিক নিৰ্মমবাবে হত্যা কৰাৰ অভিযোগত আদালতে দূখী সাব্যস্ত কৰিথৈছে অমিতাভ সিনহাক।লগতে আদালত জামীন লাভ কৰি প্ৰথমে গোৱালপাৰাত , বৰ্তমান শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষ পদত আছে সিনহাই।বিভাগীয় তথ্য মতে পৰমানন্দ য়েইনৰ লগত জয়সাগৰ থানাত চৌহদতে মৃণাল কোচ নামৰ এগৰাকী ব্যক্তি সৈতে সংঘাত হৈছিল।কিন্তু অতিৰিক্ত আৰক্ষী অধীক্ষীক বলীন দেউৰীৰ তত্বাৱধানত মকামিলা হৈছিল এই সংঘাতৰ। ঘটনা ইমানতে অন্ত পৰিছিল , কিন্তু নিজা আদালত খুলি সিংহাই দোষী সজাই পৰমানন্দ য়েইনক।
৫০ বছৰীয়া কনিষ্ঠবল য়েইনক ২১ আগষ্টৰ পৰা ২৭ আগষ্টলৈ প্ৰতিদিনে ৩/৪ ঘন্টাকৈ দৌৰা শাস্তি বিহিছিল ।এই শাস্তি ভোগ কৰি ভৰিত আঘাট পোৱা য়েইনে ছুটী লৈ ঘৰত থাকিবলৈ বাধ্য হৈছিল।কিন্তু ছুটীত থাকিও য়েইনে একেটা শাস্তি বিহিব লগা হৈছিল।
এই কাৰ্যত কৰ্মৰত আৰক্ষী বিষয়া গৰাকীক সহযোগ কৰাৰ পৰিৱৰ্তে বিভাগীয় মুৰব্বীগৰাকীয়ে সেই জনগোষ্ঠিটোৰ ওচৰত শিৰণত কৰি নিজৰেই বিভাগীয় কৰ্মচাৰীজনক স্বাস্থজনিত কাৰণত বিভাগীয় মুৰব্বীজনে প্ৰদান কৰা শাস্তি কৰিব নোৱাৰিম বুলি কোৱাৰ পাছতো যোৱাকালি অৰ্থাত ২৭/০৮/২০১৯ তাৰিখে পুৱা ৫ বজাৰ পৰা ৬ বজালৈ বৰপুখুৰী পাৰত দৌৰা আৰু তাৰ পৰা আহি ১০ বজাৰ পৰা ১২ বজালৈ আৰক্ষী অধীক্ষকৰ চৌকদৰ ভিতৰত দৌৰ মাৰিবলৈ দিয়াৰ ফলস্বৰূপে নিশা জয়সাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যুমুখত পৰে !
সেয়েহে ঘটনাৰ অন্দৰ্বত শিৱসাগৰ জিলাৰ জাতীয় সংগঠন (TMPK,MMKআৰুTMMK)য়ে এই কাৰ্যৰ ওপৰত উচিত তদন্তৰ দাবীত উপায়ুক্ত মহোদয়ৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰে।
ইংৰাজী২৮/০৮/২০১৯ তাৰিখে য়েইনৰ পৰিয়াল বৰ্গই জয়সাগৰ থানাত SPৰ বিৰোধে এক গোচৰ ৰুজো কৰে।
শিৱসাগৰ জিলাৰ TMPK,MMK,আৰুTMMK আৰু বিভিন্ন জাতীয় সংগঠনৰ উদ্যোগত শিৱসাগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী লোৱা হৈছিল যদিও জিলা উপায়ুক্ত মহোদয়ৰ আমন্ত্ৰণ মৰ্মে তেঁওৰ কাৰ্যালয়ত মিলিত হয়।উক্ত আলোচনাত উপায়ুক্ত মহোদয়ে আশ্বাস প্ৰদান কৰে।
আশ্বাস নং ১/আৰক্ষী অধীক্ষীক অমিতাভ সিনহাৰ ওপৰত দণ্ডাধীক পৰ্যায়ত তদন্ত কৰা হব।
২/তদন্তৰ ফলাফল অহা ১৩ চেপ্তেম্বৰৰ ভিতৰত জনোৱা হব।
৩/পৰমানন্দ য়েইনৰ পৰিয়ালক চৰকাৰে উচিত ক্ষতিপুৰন প্ৰদান কৰাৰ লগতে তেখেতৰ প্ৰাপ্যসমূহ অতি শীঘ্ৰে প্ৰদান কৰা হব।
কিন্তু য়েইনৰ পৰিয়ালে সুচীত ন্যায় পাবনে?