Gohpur Govt School Worst Condition
গহপুৰৰ দক্ষিনৰ নৈ পৰীয়া মিচিং অঞ্চলত কেনে অৱস্থাত আছে চৰকাৰী বিদ্যালয় সমূহ। শিক্ষা বিভাগৰ চুড়ান্ত অৱহেলাৰ ফলত জৰাজীৰ্ণ শ্ৰেণী কোঠাত জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগা হৈছে মিচিং অধ্যূষিত বৰতামুলি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে। বৰতামুলি গাঁও পঞ্চায়তৰ ১নং বৰতামুলি গাঁৱত ১৯৭৫ স্থাপিত প্ৰাথমিক বিদ্যালয়খনত বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছে ১৩০জনকৈ ছাত্ৰ-ছাত্ৰীয়ে। বিদ্যালয়খনৰ এটি পকী গৃহ আছে যদিও সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সেইয়া পৰ্যাপ্ত নহয়। যাৰ ফলশ্ৰুতিত বিদ্যালয়খনৰ বেৰ নথকা, জৰাজীৰ্ণ চাংঘৰতে বিপদজনক ভাবে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগা হৈ দেশৰ ভৱিষ্যত স্বৰূপ কন কন ছাত্ৰ-ছাত্ৰী সকলে। বিদ্যালয় কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে গহপুৰৰ ছয়দুৱাৰ খণ্ড প্ৰাথমিক বিষয়াক বাৰম্বাৰ আবেদন জনাইয়ো কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই।