ঢকুৱাখনাত মিচিং লোকগীত আৰু লোকনৃত্য উৎসৱ আয়োজন।
অসমৰ দ্বিতীয় বৃহত্তম ভূমিপুত্ৰ মিচিংসকলৰ লোকনৃত্য আৰু লোকসংগীতে ভাৰতীয় কলা সংস্কৃতিৰ জগতত প্ৰভাৱ বিস্তাৰ কৰিছে।
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চাকালয়ৰ অধীনস্থ নাৰায়ণপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আজি ঢকুৱাখনাত অৱস্থিত জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং লোকগীত আৰু লোকনৃত্য উৎসৱ আয়োজন কৰা হয়।
বৰ্তমান পশ্চিমীয়া সংস্কৃতিৰ ব্যৱহাৰে মিচিং লোকসংস্কৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ কাৰণে এই আপুৰুগীয়া লোক সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত প্ৰচাৰ আৰু প্ৰসাৰ কৰি মিচিং জনজাতিৰ মাজত জনপ্ৰিয় কৰি আয়ত্ব কৰি তোলাটোৱেই মূল উদ্দেশ্য।
ঐনিঃতম, মিমুঃ আবাং, গুমৰাগ, লেৰেলি আৰু চেল্লইয়া নৃত্য প্ৰদৰ্শন কৰা হয়।