মৰনৈ বেবেজীয়াত পঃৰাগ উৎসৱ আয়োজন।
অসমৰ দ্বিতীয় বৃহত্তম মিচিং জনগোষ্ঠীৰ পঃৰাগ আন এটা গুৰুত্বপূৰ্ণ উৎসৱ।
খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়। সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়।
এই উৎসৱ গাওঁ ডেকা-গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয় কাৰণে ৰং-আনন্দৰ মাজেদি পতা হয়।
পঃৰাগ উৎসৱত গীত-মাত , ঢোল তালৰ গুমগুমণি,নৃত্য-গীতৰ আয়োজন হয়।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ বাঞ্চিৰামচুকত ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৩ তম পঃৰাগ উৎসৱ।
আজি দ্বিতীয় দিনা পতাকা উত্তোলন, শ্বহীদ তৰ্পনৰ পিছতেই স্মৃতিগ্ৰন্থ উন্মোচন কৰে প্ৰধান শিক্ষক টুনিৰাম মৰাঙে।
পঃৰাগ উৎসৱত কেইবাটাও দলে চঃনাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।
মুকলি সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।