সৰিয়নিত কবিতা উন্মোচনী সভা আয়োজন।
আজি ঢকুৱাখনাৰ সৰিয়নিত অৱস্থিত ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী কলেজত চুমনি মেদক গাঁৱৰ বাসীন্দা ব্ৰহ্মনাথ মেদকৰ দ্বাৰা ৰচিত আৰু সমাজকৰ্মী কৃষ্ণ কান্ত মেদকৰ দ্বাৰা সংকলিত " জীয়াই থকাৰ এটি ক্ষণ" প্ৰথম খণ্ডটো উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইংৰাজী অধ্যাপক অমিয় কুমাৰ সন্দিকৈয়ে।
মুঠ ৩৪ টা কবিতা অন্তৰ্ভুক্ত থকা পুথিখনৰ লেখকৰ জীৱন সংগ্ৰাম আৰু সংঘাত প্ৰতিফলিত হৈছে।
ইউনাইটেড ডিগ্ৰী কলেজৰ অধ্যক্ষ ড° মনেশ্বৰ পাতিৰে কবিজনক লৈ গৌৰৱান্বিত হোৱাৰ লগতে উক্ত কবিতা পুথিখন ৰাইজে আদৰি লব বুলি আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে অতি দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি ব্ৰহ্মনাথ মেদকে জীৱিকা সম্বল হিচাবে কমাৰশালত দৈনন্দিন জীৱনত প্ৰয়োজনীয় দা, কুঠাৰ, কটাৰী, কাচি আদি নিৰ্মাণ কৰি অঞ্চলটোৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে।