ধনশিৰি দিচৈৰ GM সুধিৰ মৰাঙৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ ।
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত উন্নয়নমূলক আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে চৰম দুৰ্নীতি ৷ সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ আগম কেবাং কাৰ্য্যালয়ৰ ভূমিত এখন মিচিং জিৰণি গৃহ নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি মিচিং জাতীয় সংগঠন বিলাকে আবেদন নিবেদন কৰাৰ পিছত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা আৱণ্টিত হৈছিল উক্ত জিৰণি গৃহ । কিন্তু নিম্ন মানদণ্ডৰ "চিমেন্ট", পলখ আৰু ধুলি সদৃশ "বালি" ব্যৱহাৰ কৰিছে উক্ত গৃহ নিৰ্মাণ কাৰ্য্যত । বোকাখাতৰ ঠিকাদাৰ নবদীপ পেগু আৰু ধনশিৰি দিচৈৰ GM সুধিৰ মৰাঙে দুৰ্নীতিৰ আশ্ৰয় লৈ নিম্নমানৰ কাম কৰিছে বুলি অভিযোগ ৰাইজৰ । উক্ত কামৰ এম.এ.চিক তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
উল্লেখযোগ্য যে, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ধনশিৰি দিচৈ সমষ্টিৰ GM সুধিৰ মৰাঙে অনুদান দিয়াৰ নামত তেওঁৰ সম্পৰ্কৰ এজন বৰপথাৰৰ স্থানীয় ব্যক্তিক লৈ ধন আত্মসাৎ কৰি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।