বৰষামুখত আলি আঃয়ে লৃগাং উদযাপন।
ঢকুৱাখনাৰ বৰষামুখ ৰাজেন পেৰেমে লত্তাত বৰষামুখ চৃঃচাং অঃপেৰ উদ্যোগত আৰু বৰষামুখ ৰাইজৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক আলি আঃয়ে লৃগাং উদযাপন কৰা হৈছে।
দুয়োটা দিনতে গুমৰাগ চঃনাম, আতৌ চঃনাম, ঐনিতম আৰু লত্তা চঃনাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
নিশালৈ সাংস্কৃতিক সন্ধিয়াত তপন দলে আৰু নিতুমণি পেগুৰ সংগীতৰে সংগীত প্ৰেমিক সকলক আনন্দ দিবলৈ সক্ষম হয়।
লৃগাংৰ লগত সংগতি ৰাখি গেজিগ নামৰ আলোচনী এখন উন্মোচন কৰে বাসুদেৱথান শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱকুমাৰ মৰাঙে