ৰাজ্য চৰকাৰে নতুন কৈ আৰম্ভ কৰিবলৈ লোৱা "অৰুনোদয়" আচঁনি খনৰ পৰা বঞ্চিত হৈছে বিধবা,বিকলাংগ আৰু মাটি সম্পত্তি নথকা বহুতো মহিলা।
\
এই অভিযোগ উঠিছে মূখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ ৰঙাচাহী গাওঁ পঞ্চায়তৰ লগতে বহুকেইখন গাঁও পঞ্চায়তৰ বহুকেইটা ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়ত সচিবৰ বিৰোদ্ধে। দ্বীপ জিলা মাজুলীৰ উজনী মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় কেইটা গাঁও পঞ্চায়তত এই আচনিৰ তালিকা প্ৰস্ততত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি তালিকা খন স্থানীয় পঞ্চায়তে প্ৰস্তুুত কৰা তালিকাৰ পৰা প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰি পঞ্চায়তৰ নেতা পালিনেতাৰ পৰিয়ালৰ নাম অন্তৰ্ভূক্ত হৈছে বুলি জানিব পৰা গৈছে। য'ত বিধবা মহিলা, বিকলাংগ লোকৰ নাম তালিকাৰ পৰা বাদ পৰাৰ অভিযোগ উঠিছে। যাৰ কাৰনে প্ৰকৃত হিতাধিকাৰী সকল ক্ষোভিত হৈ পৰিছে।এই আঁচনিৰ হিতাধীকাৰিৰ তালিকা ৰাইজে প্ৰস্তুত কৰি দিয়াৰ পাছতো কিছুমান দালাল ৰুপি নেতাই প্ৰাপ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰি টকাৰ বিনিময়ত আধ্যৱন্ত আৰু নিজৰ আত্মীয়ৰ নাম অন্তৰ্ভূক্ত কৰে। জানিব পৰা মতে এই দূৰ্নীতি পঞ্চায়ত সভাপতি আৰু ৱাৰ্ড সদস্য/সদস্যাৰ সৈতে মিলিত হৈ বিজেপিৰ একাংশ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰে। এই আঁচনি খন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত চৰকাৰে যি নীতি নিয়ম উল্লেখ কৰিছিল সেই নিতি নিয়ম উলংঘা কৰি হিতাধীকাৰীৰ তালিকা খন প্ৰস্তুত কৰা হৈছে। এতিয়া প্ৰশ্ন হয় বিভাগীয় কতৃপক্ষই ইয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰি দূৰ্নীতিকাৰিক শাস্তি বিহিব নে ? সেয়া এতিয়া ৰহস্যৰ আবৰ্তত।
মাজুলীৰ পৰা মনোজ পেগু ৰিৰ্পট।