বিমানবন্দৰত কোনো পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া নাই, আজমলে ক’লে'......
তেওঁ কয় – তাত কোনোৱে যদি পাকিস্তান জিন্দাবাদ ধ্বনি দিছে তেনেহ’লে এয়া হিমন্তৰ কোনো মানুহ৷ শিলচৰত এক কৰ্মীসভাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে AIUDF প্ৰধান বদৰুদ্দিন আজমলে৷
আজমলে কয় যে এয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্র৷ বিমান বন্দৰত কোনো পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হোৱা নাই৷ তাত বিভিন্ন জনপ্ৰতিনিধি আছিল, তেওঁলোকৰ জিন্দাবাদ ধ্বনি দিয়া হৈছে৷
যদি তাত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হৈছে তেনেহ’লে চৰকাৰে ইয়াৰ উচিত তদন্ত কৰক আৰু যদি কোনো দোষী পোৱা যায় তেনেহ’লে তেওঁক কঠোৰ শাস্তি দিয়া হওক।


